ভাৰতবৰ্ষত বাণিজ্যিক বেংক | Chapter 1 | Class 12 Banking Question and Answer | Assam Class 12 Banking Solutions Assamese Medium | AHSEC Class 12 HS Banking Chapter 1 Notes Assamese Medium | Asseb Class 12 HS Banking Chapter 1 Question and Answer Assamese Medium | Questions and Answers for Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক | HS 2nd Year Commerce Banking Questions and Answers Assam | Asseb Board | Assam State School Education Board (ASSEB)
ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Very Short Type Questions and Answers
1. কোনটো বছৰত ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?
উত্তৰঃ ১৯৭৪ চনত।
2. প্ৰেচিডেন্সী বেংক তিনিতাৰ নাম লিখা।
উত্তৰঃ বেংক অফ বেংগল (১৮০৯) ‘(বেংক অফ বোম্বাই (১৮৪০) আৰু বেংক অফ মাদ্ৰাজ (১৮৪৩)।
3. বৰ্তমান সময়লৈকে কিমান সংখ্যক বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে?
উত্তৰঃ ১৭ তা ( ভাৰতীয় ষ্টেট বেংকৰ সহযোগী বেংকবোৰ সামৰি)।
4. ভাৰতীয় ষ্টেট বেংকৰ পুৰণি নামটো লিখা।
উত্তৰঃ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া।
5. ’নায়ক বেংক আঁচনি ‘ কিমান চনত হাতত লোৱা হৈছিল?
উত্তৰঃ ১৯৬৯।
6. বাণিজ্যিক বেংক এজেন্সি সেৱাবোৰ লিখা।
উত্তৰঃ ষ্টেট বেংক অৱ ইণ্ডিয়া, এলাহাবাদ বেংক, পঞ্জাৱ নেচনেল বেংক, বেংক অৱ ইণ্ডিয়া, আই ডি বি আই বেংক।
7. কোনটো বছৰত ৬টা ভাৰতীয় বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?
উত্তৰঃ ১৯৬৯ চনত।
8. কিমান চনত ভাৰতীয় ষ্টেট বেংক প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৫৫ চনত।
9. ইম্পেৰিয়েল বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯২১ চনত।
10. ১৯৮০ চনত কিমান টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?
উত্তৰঃ ২০ টা।
Short Type Questions and Answers
1. শৃংখলা বেংকিং কি?
উত্তৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক বহুমুখী বেংক ব্যৱস্থাকে চেইন বেংকিং বোলে। এই পদ্ধতি মতে এক শ্ৰেণীৰ অংশধাৰকে কেইবাটাও বেংকক বেলেগ বেলেগকৈ পঞ্জীয়ন কৰে। বেংকবোৰৰ সুকীয়া আইনগত সত্তা আছে। কিন্ত পৰিচালনাৰ ক্ষেত্ৰৰ প্ৰয়োগ কৰা ব্যৱসায় নীতি আৰু কাৰ্যৰ দ্বাৰা আটাইবোৰ বেংক শৃংখলিত হৈ থাকে।
2. শাখা বেংকিং কি?
উত্তৰঃ এটা বেংক পঞ্জীয়ন কৰি তাৰ অধীনত নানা শাখা সমূহে কাৰ্য চলোৱা পদ্ধতিকে শাখা বেংকিং বোলে।
3. বেচৰকাৰী খণ্ডৰ দুটা ভাৰতীয় বেংকৰ নাম লিখা।
উত্তৰঃ এইচ ডি এফ চি বেংক আৰু এক্সিছ বেংক।
4. গ্ৰুপ বেংকিং কি?
উত্তৰঃ যিবিলাক বেংক অন্য কোনো মূল্য সংস্থা বা কোম্পানীয়ে প্রত্যক্ষ বা পৰোক্ষভাৱে নিয়ন্ত্ৰণ কৰে তেনেবোৰ বেংকক থুপ বেংকিং বোলে। এনে পদ্ধতিত বেংকবোৰ স্বতন্ত্ৰভাৱে নিগমবদ্ধ হয়। একোটা থুপতে কেইবাটাও বেংক থাকে।
5. বিশ্বৰ প্ৰথম বেংকটোৰ নাম আৰু ইয়াৰ প্ৰতিষ্ঠাৰ সময় উল্লেখ কৰা।
উত্তৰঃ বেংক অফ ভেনিছ, প্ৰতিষ্ঠাৰ সময় ১১৫৭ চন।
6. গোট বেংকিং কি?
উত্তৰঃ যি বেংকিং পদ্ধতিত একোটা বেংক পঞ্জীয়ন কৰি সাধাৰণতে গোট সমূহে চলায় তাক গোট বেংকিং বোলে।
7. বেচৰকাৰী বেংকৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ যিবোৰ বেংক দেশৰ সাধাৰণ নাগৰিকে গঠন কৰে, পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে, সেইবোৰ ব্যক্তিগত খণ্ডৰ বেংক বোলে। ইয়াৰ লাভালাভ বেংকৰ অংশ ধাৰাক পায়।
8. ৰাজহুৱা খণ্ডৰ দুটা বেংকৰ নাম লিখা।
উত্তৰঃ (ক) ষ্টেট বেংক অৱ ইণ্ডিয়া।
(খ) এলাহাবাদ বেংক।
9. ভাৰতৰ প্ৰতিষ্ঠিত বেংকটোৰ নাম কি আৰু ইয়াৰ প্ৰতিষ্ঠাৰ সময় উল্লেখ কৰা।
উত্তৰঃ বেংক অফ হিন্দুস্তান, প্ৰতিষ্ঠাৰ সময় ১৭৭০ চন।
10. ৰাজহুৱা খণ্ডৰ বেংকৰ ওপৰত এটি চমু টোকা লিখা।
উত্তৰঃ যিবোৰ বেংকৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ চৰকাৰৰ তত্বাৱধানত কৰা হয় সেইবোৰ কে চৰকাৰী বা ৰাজহুৱা খণ্ডৰ বেংক বোলে। এনে বেংকৰ মূলধনী পুঁজিৰ বেছি অংশ সম্পূৰ্ণ ৰূপে চৰকাৰে যোগান ধৰে। এইবোৰৰ লাভালাভ চৰকাৰে পায়।
11. অনানুসূচিত বেংক কি?
উত্তৰঃ যিবোৰ বেংকৰ নাম ৰিজাৰ্ভ বেংক আইন 1934 চনৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত নহয় সেইবোৰকে অনানুসূচিত বেংক বোলে।
12. বেংকৰ সংজ্ঞা দিয়া।
উত্তৰঃ বেংক হৈছে এটা বিত্তীয় প্ৰতিষ্ঠান। ই মূলতঃ টকা পইচাৰ লেনদেন কৰে। বেংকৰ সংজ্ঞা সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ ব্যাখ্যা কৰিছে—
ড০ এইচ, এল হাৰ্টে তেওঁৰ মতে ‘ বেংকিং ল নামৰ পুথিত বেংকৰ সংজ্ঞা সম্পৰ্কে নিজ মত ব্যক্ত কৰিছে। তেখেতৰ মতে ‘সাধাৰণ ব্যৱসায় হিচাপে যিয়ে চলিত হিচাপত আমানত গ্ৰহণ কৰে আৰু তেনে জমাকৰীক চেক ভঙাই দিয়ে সিয়ে বেংক ‘।
ভাৰতীয় বেংকিং ৰেগুলেচন আইন 1949 চনৰ 5(C)(B) ধাৰাত বেংকৰ বিৱৰণ উল্লেখ কৰা হৈছে। 5(C) ধাৰা মতে ” বেংকিং মানে তেনেকুৱা কোম্পানী যিয়ে ভাৰতত বেংকিং ব্যৱসায় কৰে ” আৰু বেংকিং ব্যৱসায় 5 (বা) মতে “ঋণ দান বা বিনিয়োগৰ উদ্দেশ্য জনসাধাৰণৰ পৰা গৃহীত আমানত জমাদাতা গ্ৰাহকৰ তাগিদা মতে বা অন্য প্ৰকাৰে পৰিশোধ কৰা আৰু চেক, ড্ৰাফট বা অন্য প্ৰকাৰে তাক উলিয়াই দিয়া কাৰ্যকে বেংকিং বোলে ”।