মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী | Chapter 11 | Class 10 General Science – ASSEB

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী | Chapter 11 | Asseb Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Asseb Board | Assam Class 10 G. Science Answer | Asseb Board | Assam State School Education Board (ASSEB) | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Multiple Choice Questions and Answers

1. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল—
(a) প্ৰেছবায়’পিয়া
(b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্ৰস্ততা
উত্তৰঃ (b) উপযোজন ক্ষমতা।

2. প্রিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়—
(a) প্রিজমৰ কোণ।
(b) নির্গত কোণ।
(c) প্ৰতিসৰণ কোণ।
(d) বিচ্যুতি কোণ।
উত্তৰঃ (d) বিচ্যুতি কোণ।

3. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান—
(a) কর্ণিয়া (Cornea)
(b) চকুৰ পতা (Iris)
(c) চকুৰ মণি (Pupil)
(d)অক্ষিপট (Retina)
উত্তৰঃ (d) আক্ষিপট (Retina)

4. বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ’ল—
(a) মায়’পিয়া।
(b) প্ৰেছবায়’পিয়া।
(c) হাইপাৰমেট্ৰ’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) প্ৰেছবায়’পিয়া।

5. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব—
(a) 25 মি
(b) 2.5 ছেমি
(c) 25 ছেমি
(d) 2.5 fa
উত্তৰঃ (c) 25 ছে.মি.

6. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয় ?
(a) নীলা।
(b) বেঙুনীয়া।
(c) ৰঙা।
(d) কমলা।
উত্তৰঃ (c) ৰঙা।

7. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ?
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰী
(d) চকুৰ পতা
উত্তৰঃ (c) চিলিয়াৰী

8. দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ তলৰ ৰঙটো কি?
(a) ৰঙা
(b) সেউজীয়া
(d) হালধীয়া।
(c) বেঙুনীয়া
উত্তৰঃ (c) বেঙুনীয়া ৷

9. দূৰ দৃষ্টিগ্ৰস্ততা ৰোগ সংশোধনৰ বাবে কি প্ৰকৃতিৰ লেন্‌ছ ব্যৱহাৰ কৰা হয় ?
(a) উত্তল লেন্‌ছ
(b) অবতল লেন্‌ছ
(c) চুঙাকৃতিৰ লেন্‌ছ
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) উত্তল লেন্‌ছ

10. তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্রয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়—
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) স্ফটিকীয় লেন্‌ছ।
(d) চকুৰ মণি।
উত্তৰঃ (c) স্ফটিকীয় লেন্‌ছ।

11.অগ্রিম সূর্যোদয় (advanced sunrise) আৰু আৰু পলম সূর্যাস্ত (delayed sunset) পৰিঘটনা দুটা কিহৰ ভিত্তিত ব্যাখ্যা কৰিব পাৰি ?
(a) পোহৰৰ বিচ্ছুৰণ
(b) পোহৰৰ বিক্ষেপণ
(c) টিণ্ডেল পৰিঘটনা (Tyndall effect)
(d) বায়ুমণ্ডলীয় পৰিঘটনা
উত্তৰঃ (d) বায়ুমণ্ডলীয় পৰিঘটনা।

12. স্বাভাৱিক চকুৰ বা দূৰ বিন্দুৰ দূৰত্ব—
(a) 25 ছে. মি
(b) 1 ছে. মি
(c) 1 fa
(d) অসীম।
উত্তৰঃ (d) অসীম।

13. তলৰ কোনটো অংশই চকুৰ লেন্‌ছৰ বক্রতা সলনি কৰে ?
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) চকুৰ মণি।
(d) চিলিয়াৰী পেশী।
উত্তৰঃ (d) চিলিয়াৰী পেশী।

14. এজন মানুহে ওচৰৰ বস্তু স্পষ্টভাৱে দেখা নাপায় ৷ তেওঁ চকুৰ কি ৰোগত ভূগি আছে—
(a) নিকট দৃষ্টিগ্রস্ততা
(b) দূৰ দৃষ্টিগ্ৰস্ততা
(c) জৰাদৃষ্টি
(d) এইবোৰৰ এটাও নহয়।
উত্তৰঃ (b) দূৰদৃষ্টিগ্ৰস্ততা

15. সুস্থ চকুৰ বাৰে চকুৰ দুৰ বিন্দু থাকে চকুৰ পৰা—
(a) 25 cm
(b) 100 cm
(c) অসীমত।
(d) 100km
উত্তৰঃ (c) অসীমত।

16. চন্দ্ৰৰ পৰা আকাশৰ ৰং কেনেকুৱা দেখি ?
(a) নীলা
(b) ৰঙা
(c) বেঙুনীয়া
(d) ক’লা।
উত্তৰঃ (d) ক’লা।

17. নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনীৰ বাবে কি প্ৰকৃতিৰ লেন্‌ছৰ প্ৰয়োজন ?
(b) অবতল লেন্‌ছ
(a) উত্তল লেন্‌ছ
(c) চুঙাকৃতিৰ লেন্‌ছ
(d) দ্বিফ’কাছযুক্ত (Bifocal) লেন্‌ছ।
উত্তৰঃ (b) অবতল লেন্‌ছ।

18. কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব—
(a) মায়’পিয়া।
(b) হাইপাৰমেট্ৰ ‘পিয়া।
(c) প্ৰেছবায়’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) মায়’পিয়া।

19. এজন মানুহে –2 ডায়’প্তাৰ ক্ষমতাৰ এখন সংশোধনী লেন্‌ছ ব্যৱহাৰ কৰে। তেওঁ চকুৰ কি ৰোগত ভূগি আছে ?
(a) নিকট দৃষ্টিগ্রস্ততা
(b) দূৰদৃষ্টিগ্ৰস্ততা
(c) জৰাদৃষ্টি
(d) এইবোৰৰ এটাও নহয় ৷
উত্তৰঃ (a) নিকট দৃষ্টিগ্রস্ততা।

20. এজন মানুহে দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। তেওঁ চকুৰ কি ৰোগত ভূগি আছে—
(a) নিকট দৃষ্টিগ্রস্ততা
(b) দূৰ দৃষ্টিগ্ৰস্ততা
(c) জৰাদৃষ্টি
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) নিকট দৃষ্টিগ্রস্ততা।

21. তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে—
(a) চকুৰ মণি।
(b) কর্ণিয়া।
(c) লেন্‌ছ।
(d) চিলিয়াৰী পেশী।
উত্তৰঃ (a) চকুৰ মণি।

22. স্বাভাৱিক চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব হ’ল—
(a) 25 ছে. মি.
(b) 25 _ছে. মি.তকৈ বেছি
(c) 25 ছে. মি.তকৈ কম
(d) 20 ছে. মি.
উত্তৰঃ (a) 25 ছে. মি.।

23. কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 cm তকৈ বেছি দূৰত্বত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব—
(a) প্ৰেছবায়’পিয়া।
(b) মায়’পিয়া।
(c) হাইপাৰমেট্ৰ’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) হাইপাৰমেট্ৰ’পিয়া।

24. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ—
(a) সূৰ্যৰ পোহৰৰ বিক্ষেপণ
(b) পোহৰৰ বিচ্ছুৰণ
(c) সূৰ্যৰ পোহৰৰ প্ৰতিসৰণ
(d) সূৰ্যৰ পোহৰৰ প্ৰতিফলন।
উত্তৰঃ (a) সূৰ্যৰ পোহৰৰ বিক্ষেপণ। 3.

25. সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা—
(a) অসীম।
(b) 25cm
(c) 2.5 cm
(d) 250m
উত্তৰঃ (b) 25cm

26. এখন প্রিজমৰ মাজেদি পাৰ হওঁতে পোহৰ ৰশ্মিৰ কেইবাৰ প্ৰতিসৰণ ঘটে ?
(a) এবাৰ
(b) দুবাৰ
(c) তিনিবাৰ
(d) ওপৰৰ এটাও নহয় ৷
উত্তৰঃ (b) দুবাৰ ৷

27. কোনে প্রথমে সূৰ্যৰ পোহৰৰ অধ্যয়ন কৰিবলৈ প্রিজম ব্যৱহাৰ কৰিছিল ?
(a) নিউটন
(b) কোৱান্টাম
(c) আইনষ্টাইন
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) নিউটন।

Short Questions and Answers

1. চকুৰ উপাযোজন ক্ষমতা কাক বোলে ?
উত্তৰঃ চকুৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি দূৰত অথবা ওচৰত থকা বস্তু ফ’কাছ কৰিব পৰা সামৰ্থ্যক চকুৰ উপাযোজন ক্ষমতা বোলে।

2. মানুহৰ চকুৰ প্ৰতিবিম্ব গঠন কৰা পৰ্দাখনৰ নাম কি?
উত্তৰঃ মানুহৰ চকুৰ লেনছ প্ৰণালীয়ে অক্ষিপট (Retina)  নামৰ এখন পোহৰ সংবেদী পৰ্দাত প্ৰতিবিম্ব গঠন কৰে।

3. আমাৰ চকুৰ অক্ষিগোলকটো কেনে প্ৰকৃতিৰ? ইয়াৰ ব্যাস কিমান ?
উত্তৰঃ আমাৰ চকুৰ অক্ষিগোলকটো গোলকাৰ প্ৰকৃতিৰ। ইয়াৰ ব্যাস 2.3 ছেঃমিঃ।

4. চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব বুলিলে কি বুজা ?
উত্তৰঃ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু চকুত জোৰ নপৰাকৈ দেখা পোৱা যায়। তাক চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব বুলি কোৱা হয়।

5. চকুৰ মণিৰ কাম কি?
উত্তৰঃ চকুৰ মণিৰ কাম হ’ল— চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মিয়া আৰু নিয়ন্ত্ৰণ কৰে।

6. চকুৰ লেন্সৰ কাম কি?
উত্তৰঃ চকুৰ লেনছে অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে।

7. অক্ষিপট কি? ইয়াৰ কাম কি?
উত্তৰঃ অক্ষিপট হৈছে- অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। এই অক্ষিপটত বা পোহৰ সংবেদী কোষবোৰত পোহৰ পৰিলে এইবোৰ সক্ৰিয় হৈ পৰা আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে।

8. এটা চকু বন্ধ কৰিলে পৃথিৱীখন কেনে দেখা যায়?
উত্তৰঃ এটা চকু বন্ধ কৰিলে পৃথিৱীখন চেপেটা আৰু দ্বি-মাত্ৰিক ৰূপত দেখা যায়।

9. দৃষ্টিৰ সাধাৰণ প্ৰতিসৰণমূলক তিনিটা ক্ৰুটী লিখা।
উত্তৰঃ দৃষ্টিৰ সাধাৰণ প্ৰতিসৰণমূলক তিনিটা ক্ৰুটী হ’ল— মায়’পিয়া, হাইপাৰমেট্ৰ’পিয়া আৰু প্ৰেছবায়’পিয়া।

10. আমাৰ মানুহৰ চকুযোৰ কিয় সবাতোকৈ গুৰুত্বপূৰ্ণ ?
উত্তৰঃ আমাৰ মানুহৰ চকুযোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰণ আমাৰ চকুযোৰে চৌপাশৰ মনোমোহা বাৰেবৰণীয়া জগতখন প্ৰত্যক্ষ কৰায়। লগতে, আমাৰ চৌদিশে থকা বিভিন্ন ৰংবোৰ প্ৰত্যক্ষ কৰাই দিয়ে। কিয়নো চকুমুদা অৱস্থাত আমাৰ ৰং চিনাক্ত কৰাটো অসম্ভৱ হৈ পৰে।

11. এটা চকুৰ বাবে আৰু দুটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ কিমান?
উত্তৰঃ এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ প্ৰায় 1500 আৰু দুটা চকুৰ প্ৰসাৰ প্ৰায় 1800

12. আমাৰ চকুত কোনখন চালৰ মাজেৰে পোহৰ চকুত সোমায় ?
উত্তৰঃ আমাৰ চকুত কৰ্ণিইয়া(Cornea) নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়।

13. কাৰ জৰীয়তে অক্ষিপট বা পোহৰ সংবেদী কোষবোৰে প্ৰেৰণ কৰা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰে ?
উত্তৰঃ নেত্ৰ-স্নায়ুৰ (Optic Nerve)  জৰীয়তে অক্ষিপট বা পোহৰ সংবেদী কোষবোৰে প্ৰেৰণ কৰা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰে।

14. আজিকালি প্ৰতিসৰণমূলক বিকাৰবোৰ কেনেদৰে সমাধান কৰা হয়?
উত্তৰঃ আজিকালি প্ৰতিসৰণমূলক বিকাৰবোৰ স্পৰ্শলেন্ছ (Contact Lens) বা শল্য চিকিৎসা (Surgical Interventions)ৰ যোগে সংশোধন কৰা হয়।

15. চকুৰ স্ফটিকীয় লেনছে কি কৰে বা কাম কি?
উত্তৰঃ চকুত স্ফটিক লেনছে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিৰ্বিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ’কাছ দৈৰ্ঘৰ সূক্ষ্ম সমাযোজন কৰে।

16. মানুহৰ চকুৰ পতা ক’ত অৱস্থিত ? চকুৰ পতাৰ কি আৰু ইয়াৰ কাম কি ?
উত্তৰঃ কৰ্ণিয়াৰ পিছফালে চকুৰ পতা (Iris) থাকে। চকুৰ পতা হ’ল এখন ক’লা পেশীবহুল পৰ্দা। ইয়াৰ কাম হ’ল— চকুৰ মণিৰ (Pupil) আকাৰ নিয়ন্ত্ৰণ কৰে।

17. চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ ক’ত প্ৰতিসৰণ ঘটে ?
উত্তৰঃ চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্ৰতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত ঘটে

18. কিয় চিকাৰী জন্তু আৰু আমাৰ চকুৰ মাজত দৃষ্টি ক্ষেত্ৰৰ পাৰ্থক্য দেখা যায় ?
উত্তৰঃ সাধাৰণতে চিকাৰী জন্তুৰ ক্ষেত্ৰত চকু দুটা মূৰৰ দুই বিপৰীতফালে থাকে, সেয়েহে দৃষ্টিক্ষেত্ৰখন অতি বহল হয়। আনহাতে, আমাৰ চকু দুটা আমাৰ মূৰৰ সম্মুখফালে থাকে, সেয়েহে আমাৰ ষ্টেৰিঅপ্চিচ বাঢ়ে কিন্তু দৃষ্টি ক্ষেত্ৰখন কমে।

19. কেনে অৱস্থাত মানুহে স্পষ্টভাৱে আৰু অনায়াসে বস্তুবোৰ দেখা নাপায়?
উত্তৰঃ মানুহৰ চকুৰ উপাযোজন ক্ষমতা লাহে লাহে হ্ৰাস পায়। তেতিয়া চকুৰ প্ৰতিসৰণমূলক বিকাৰৰ বাবে দৃষ্টিৰ অনুভূতি ধূসৰ হৈ পৰে। এনে অৱস্থাত মানুহে স্পষ্টভাৱে আৰু অনায়াসে বস্তুবোৰ দেখা নাপায়।

20. নিয়মীয়া দৃষ্টি শক্তিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব কিমান?
উত্তৰঃ নিয়মীয়া দৃষ্টি শক্তিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে চকুৰ নিকট বিন্দু বা স্পষ্ট দৃষ্টিৰ ন্যুনতম দূৰত্ব হ’ল— 25 cm

21. আমাৰ চকুযোৰ নেত্ৰদান কৰিবৰ বাবে মৃত্যুৰ পাছত কিমান সময়ৰ ভিতৰত আঁতৰাব লাগিব ?
উত্তৰঃ আমাৰ চকুযোৰ নেত্ৰদান কৰিবৰ বাবে মৃত্যুৰ পাছত ৪-৫ ঘণ্টাৰ সময়ৰ ভিতৰত আঁতৰাব লাগিব।

22. কোনবোৰ মানুহে নেত্ৰদান কৰিব নোৱাৰে ?
উত্তৰঃ যিবোৰ লোকৰ এইড্চ (AIDS), হেপাটিটিচ B আৰু জলাতঙ্ক, বিষম লিউকেমিয়া, ধনুষ্টংকাৰ, কলেৰা, মেনিন্জাইটিছ্ বা এনকেফেলাইটিছ আক্ৰান্ত বা যাৰ মৃত্যুৰ কাৰণ এইবোৰ ৰোগৰ বাবে হয়, সেইবোৰ লোকে নেত্ৰদান কৰিব নোৱাৰে।

23. পোহৰৰ বৰ্ণালী আৰু বিচ্ছুৰণ বুলিলে কি বুজা?
উত্তৰঃ পোহৰৰ কিৰণ এটাৰ ৰঙীণ উপাংশৰ পটিবোৰক তাৰ বৰ্ণালী বোলে।
পোহৰৰ বিভিন্ন ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বোলা হয়।

24. তিনিটা পোহৰৰ বিক্ষেপণ (Scallering of Light) ৰ উদাহৰণ দিয়া।
উত্তৰঃ পোহৰৰ বিক্ষেপণ (Scallering of Light) ৰ তিনিটা উদাহৰণ হ’ল— আকাশৰ নীলা ৰং, গভীৰ সমুদ্ৰৰ পানীৰ ৰং, আৰু সৰ্যেদয় আৰু সূৰ্যাস্তৰ সময়ৰ বেলিৰ ৰঙা আভা।

25. মুকলি আকাশৰ ৰং নীলা কেতিয়া দেখা ন’গলহেতেন? উৰাজাহাজৰ বিমান যাত্ৰীসকলে আকাশখন আন্ধাৰ যেন দেখে কিয় ?
উত্তৰঃ যদি পৃথিৱীৰ বায়ুমণ্ডল নাথাকিলেহেঁতেন তেতিয়া নীলা ৰঙৰ বিক্ষেপণ নহ’লহেতেন। তেনে পৰিস্থিতিত, আকাশখন এন্ধাৰ যেন দেখা গ’লহেতেন।

উৰাজাহাজৰ বিমান যাত্ৰীসকলে আকাশখন আন্ধাৰ যেন দেখে কাৰণ প্ত উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্ৰভাৱ কম।

26. বিপদ সংকেত হিচাপে কিয় ৰঙা ৰং ব্যৱহাৰ কৰা হয়?
উত্তৰঃ কুঁৱলী বা ধোঁৱাই ৰঙা ৰং আটাইতকৈ কমকৈ বিক্ষিপ্ত কৰে। যাৰ বাবে ৰঙা ৰঙক দূৰৰ পৰাই একে ৰূপতে দেখা যায়। সেয়েহে, বিপদ সংকেত হিচাপে ৰঙা ৰং ব্যৱহাৰ কৰা হয়।

27. কলয়ডীয় কণাৰ দ্বাৰা পোহৰৰ বিক্ষেপণ কেনেদৰে হয়?
উত্তৰঃ প্ৰকৃত দ্ৰৱণ এটাৰ মাজেৰে পাৰ হোৱা পোহৰৰ কিৰণ এটাৰ গতিপথ দৃশ্যমান নহয়। কিন্তু কলয়ডীয় দ্ৰৱণত কণাবোৰৰ আকাৰ আপেক্ষিকভাৱে ডাঙৰ বাবে তাৰ মাজেৰে যোৱা পোহৰৰ কিৰণৰ গতিপথ দৃশ্যমান হয়।

28. চকুৰ দূৰ বিন্দু (Far Point) কাক বোলে ? ক’ত থাকে ?
উত্তৰঃ চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু (Far Point) বোলে। সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত থাকে আৰু চকুৰ পৰা 25 ছেঃমিঃ দূৰত্বৰ পৰা অসীমলৈ অৱস্থিত/থকা বস্তুবোৰ স্পষ্টকৈ দেখিবলৈ সক্ষম হয়।

Long Questions and Answers

1. দৃষ্টিৰ লগত জড়িত সমগ্ৰ অৱস্থাটোৰ কোনো এক অংশই সূচাৰুৰূপে কাম নকৰিলে বা বিকল হ’লে কি হয় ? উদাহৰণস্বৰূপে বুজাই লিখা।
উত্তৰঃ দৃষ্টিৰ লগত জড়িত সমগ্ৰ অৱস্থাটোৰ কোনো এক অংশই সূচাৰুৰূপে কাম নকৰিলে বা বিকল হ’লে দৃষ্টিৰ পৰিমাণ হ্ৰাস পায়।
উদাহৰণস্বৰূপে— পোহৰ সঞ্চালনৰ লগত জড়িত অংশবোৰ বিশেষকৈ চকুৰ মণি, কৰ্ণিয়া, চকুৰ লেনস, নেত্ৰৰস Aquas humor), নেত্ৰমেদ আদিবোৰ বিকল হ’লে পোহৰ চকুত সোমোৱা আৰু পোহৰ সঞ্চালনৰ সমস্যাৰ সৃষ্টি হয়। লগতে, পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰা আৰু মগজুলৈ সংকেত প্ৰেৰণ কৰা অংগসমূহ বিশেষকৈ ৰেটিনা আৰু নেত্ৰস্নায়ু বিকল হ’লে বৈদ্যুতিক সংকেত মগজুলৈ যোৱাত বাধাৰ সৃষ্টি হয় আৰু দৃষ্টিৰ ক্ষমতা কমি যায়।

2. দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ কেইবিধ আৰু কি কি?
উত্তৰঃ দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ তিনিবিধ। সেয়া হ’ল—
(ক) মায়’পিয়া (Myopia) বা নিকট দৃষ্টিগ্ৰস্ততা।
(খ) হাইপাৰ মেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা।
(গ) প্ৰেছবায়’পিয়া বা জৰাদৃষ্টি।

3. চকুৰ লেনছখন কিহেৰে গঠিত ? ইয়াৰ বক্ৰতা কোনে সলনি কৰে বা সলনি কৰিব পাৰে ? চকুৰ লেনসৰ বক্ৰতাৰ পৰিৱৰ্তনে কি ঘটায়।
উত্তৰঃ চকুৰ লেনছখন আঁহযুক্ত জেলী (Jelly) সদৃশ পদাৰ্থৰে গঠিত।
চকুৰ লেনছখনৰ বক্ৰতা চিলিয়াৰী পেশীয়ে (Ciliary Muscles) সলনি কৰে বা কৰিব পাৰে।
চকুৰ লেনছৰ বক্ৰতাৰ পৰিৱৰ্তনে ইয়াৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায়।

4. কোনবোৰ মানুহে নেত্ৰদান কৰিব পাৰে?
উত্তৰঃ নেত্ৰদান যিকোনো বয়সৰ আৰু লিংগৰ মানুহে কৰিব পাৰে। যিবোৰ মানুহে চছ্মা পৰিধান কৰে আৰু যিবোৰ মানুহৰ ছানি  পৰা (Cataract) ৰোগৰ অস্ত্ৰোপচাৰ হৈছে সেইসকল লোকেও নেত্ৰদান কৰিব পাৰে। মধুমেহ (diabetes), উচ্চ ৰক্তচাপ (Hypertension) আৰু এজমা ৰোগী লগতে যিবোৰ মানুহৰ সোঁচৰা বেমাৰ নাই তেওঁলোকেও নেত্ৰদান কৰিব পাৰে।

5. চকুৰ উপযোজন ক্ষমতা কাক বোলে ?
উত্তৰঃ দুৰৰ বস্তু এটা লক্ষ্য কৰিলে চকুৰ লেনসখনৰ ফ’কাছ দৈৰ্ঘ্য বৃদ্ধি হয় আৰু আমি দুৰৰ বস্তু এটা দেখা পাও। সেইদৰে ওচৰৰ বস্তু এটালৈ লক্ষ্য কৰিলে চকুৰ লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য কমে আৰু ওচতৰ থকা বস্তুটো দেখা পাওঁ। এইদৰে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা (Accommodation) বোলে।

6. উজ্জ্বল পোহৰৰ পৰা গৈ কম পোহৰৰ কোঠালী এটাত সোমালে কিছু সময়ৰ বাবে একো দেখা নোপোৱাৰ দৰে হয় বা চকু জলক-তপক লাগে ? কাৰণ দৰ্শোৱা।
উত্তৰঃ অতি উজ্জ্বল পোহৰত চকুৰ পতাই চকুৰ মণিটো সৰু কৰি দিয়ে যাতে চকুত কমকৈ পোহৰ সোমায়। লগতে, কম পোহৰত চকুৰ পৰাই মণিটো ডাঙৰ কৰি দিয়ে যাতে পোহৰ চকুত অধিক পৰিমাণে সোমায়। সেয়ে উজ্জ্বল পোহৰৰ পৰা গৈ কম পোহৰৰ কোঠালী এটাত সোমালে কিছু সময়ৰ বাবে চকুৰ পতাই ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা হয় আৰু সেয়েহে একো দেখা নোপোৱাৰ দৰে হয় বা চকু জলক-তপক লাগে।

7. দৃষ্টিৰ/চকুৰ নূন্যতম দূৰত্ব বা নিকট বিন্দু কাক বোলে/বুলিলে কি বুজা ? প্ৰাপ্ত বয়স্ক যুৱক-যুৱতী বা আন সুস্থ চকুৰ নিকট বিন্দুৰ চকুৰ পৰা দূৰত্ব কিমান ?
উত্তৰঃ চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য এক ন্যূনতম মানতকৈ অধিক কমাব নোৱাৰি। চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন/ক্লেশ/বিশ অনুভৱ নকৰাকৈ দেখা পোৱা যায়। এই দূৰত্বক দৃষ্টিৰ/চকুৰ নূন্যতম দূৰত্ব বা নিকট বিন্দু (Near Point) বোলে।
প্ৰাপ্ত বয়স্ক যুৱক-যুৱতী বা আন সুস্থ চকুৰ নিকট বিন্দুৰ চকুৰ পৰা দূৰত্ব হ’ল— 25 ছেঃমিঃ।

8. কেটেৰেক্ট বা ছানি পৰা কাক বোলে ? ইয়াৰ ফলত কি হয় ? ইয়াক কেনেকৈ আগৰ অৱস্থাটো অনা হয়/সম্ভৱ ?
উত্তৰঃ বয়স বৃদ্ধিৰ লগে লগে বা বয়সস্থ মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেনছখন দুগ্ধসদৃশ আৰু অস্পষ্ট হৈ পৰে। এই অৱস্থাক চকুৰ কেটেৰেক্ট বা ছানি পৰা বোলে।
চকুত কেটেৰেক্ট বা ছানি পৰিলে আংশিকভাৱে বা সম্পূৰ্ণকৈ দৃষ্টি শক্তি লোপ পায়।
কেটেৰেক্ট অস্ত্ৰোপচাৰৰ মাধ্যমেৰে নাইকীয়া কৰি দৃষ্টি শক্তি পুনৰ ঘূৰাই আনিব পাৰি/সম্ভৱ।”

9. সূৰ্যৰ পোহৰৰ বৰ্ণালী প্ৰিজমৰ মাজেৰে কেনেদৰে প্ৰতিফলিত হয়?
উত্তৰঃ সূৰ্যৰ পোহৰ প্ৰিজমৰ মাজেদি পাৰ হওঁতে বিভিন্ন ৰঙৰ পোহৰ আপতিত ৰশ্মিৰ সাপেক্ষে বিভিন্ন কোণত বেঁকা হয়। ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেঁকা হয়। এইদৰে বিভিন্ন ৰঙৰ ৰশ্মিবোৰ বিভিন্ন পথেৰে নিৰ্গত হৈ পৃথক হয় আৰু পোহৰৰ এই বৰ্ণালীত পৃথক হোৱা ৰঙৰ পটিবোৰক দেখা যায়।

10. তৰাবোৰে তিৰ্বিৰাই কিয় ?
উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়। সেয়েহে তৰাৰ আপাত অৱস্থানো সুস্থিৰ নহয় আৰু সামান্য ইফাল-সিফাল হৈ থাকে। তৰাবোৰ অতি দূৰত থাকে গতিকে তৰাবোৰক পোহৰৰ এক বিন্দু হিচাপে ধৰিব পৰা যায়। তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে। এইকাৰণে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম-বেছি হয়। ফলস্বৰূপে, তৰাবোৰ কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান হোৱা যেন লাগে। এনেদৰেই তৰাবোৰে তিৰ্বিৰাই অথবা ইয়েই হৈছে তৰাৰ তিৰ্বিৰণি যি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে সংঘটিত হয়।

11. গ্ৰহবোৰ তিৰবিৰাই নাথাকে কিয় ?
উত্তৰঃ গ্ৰহবোৰ পৃথিৱীৰ নিচাই ওচৰত অৱস্থিত। সেয়েহে, গ্ৰহবোৰক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পৰা যায়। গ্ৰহবোৰ পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি। সেইবাবে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হয় আৰু ইয়েই তিৰ্বিৰনিৰ প্ৰভাৱ নস্যাৎ কৰে অৰ্থাৎ সেইগতিকে গ্ৰহবোৰে তিৰ্বিৰাই নাথাকে।

12. আমি কেনেদৰে দূৰৰ বস্তু আৰু ওচৰৰ বস্তু দেখা পাওঁ ? এই ক্ষেত্ৰত কোনে সহায় কৰে ?
উত্তৰঃ পেশীবোৰৰ শিথিল অৱস্থাত লেনছখন ক্ষীণ হয় আৰু এই অৱস্থাত ইয়াৰ ফ’কাছ দৈৰ্ঘ্য বাঢ়ে। ই আমাক দূৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে। চকুৰ ওচৰৰ বস্তুলৈ লক্ষ্য কৰিলে চিলিয়াৰী পেশীৰ সংকোচন ঘটে আৰু চকুৰ লেনছৰ বক্ৰতা বাঢ়ে লগতে চকুৰ লেনছখন শকত হয়। সেয়েহে এনে অৱস্থাত চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য কমে আৰু ওচৰৰ বস্তু এটা স্পষ্টকৈ দেখাত সহায় কৰে।

13. প্ৰকৃত সূৰ্য্যেদয় মানে কি? কিয় প্ৰকৃত সূৰ্যোদয়ৰ সময়তকৈ ২ মিনিট আগেয়ে আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ৰ ২ মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকে? সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখাৰ কাৰণ কি?
উত্তৰঃ প্ৰকৃত সূৰ্য্যেদয় মানে সূৰ্যই প্ৰকৃততে দিগন্ত পাৰ হোৱাটোকে বুঁজা যায়।
বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে প্ৰকৃত সূৰ্যোদয়ৰ সময়তকৈ ২ মিনিট আগেয়ে আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ৰ ২ মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকে। লগতে, প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য প্ৰায় ২ মিনিট। এই কাৰণেই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখা যায়।

14. টিণ্ডেল পৰিঘটনাত বিক্ষিপ্ত পোহৰৰ ৰং কিহৰ ওপৰত নিৰ্ভৰ কৰে? কেতিয়া টিণ্ডেল পৰিঘটনাৰ ৰং বগা হ’ব পাৰে?
উত্তৰঃ টিণ্ডেল পৰিঘটনাত বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। অতি সূক্ষ্ম কণাবোৰে নীলা অন্ৰগ আৰু ডাঙৰ আকাৰৰ কণাবোৰে অধিক তৰংগ দৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত কৰে।
যেতিয়া পোহৰ বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰ যথেষ্ট ডাঙৰ হয়, তেতিয়া বিক্ষিপ্ত পোহৰৰ ৰং বগা হ’ব পাৰে।

15. মুকলি আকাশৰ ৰং নীলা কিয়?
উত্তৰঃ বায়ুৰ অণু আৰু বায়ুমণ্ডলৰ অন্যান্য সূক্ষ্ম কণাবোৰৰ আকাৰ দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ কম। এই কণাসমূহৰ ৰঙা মূৰৰ দীঘল তৰংগ দৈৰ্ঘ্যৰ পোহৰতকৈ নীলা মূৰৰ চুটি পোহৰৰ বিক্ষিপ্ত কৰাত অধিক কাৰ্য্যকৰী হয়। ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ 1.8 গুণ বেছি। সেয়েহে, যেতিয়া সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হয়, তেতিয়া বায়ুৰ ক্ষুদ্ৰ কণাবোৰে নীলা ৰং অথবা চুটি তৰঙ্গদৈৰ্ঘৰ ৰঙাৰ তুলনাত অধিক বিক্ষিপ্ত কৰে। এই বিক্ষিপ্ত নীলা পোহৰ আমাৰ চকুত সোমায় কাৰণে মুকলি আকাশৰ ৰং নীলা দেখা যায়।

16. কিয় দুপৰীয়া সূৰ্যৰ ৰং বগা হয়?
উত্তৰঃ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপসমূহৰ মাজেদি যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। কিন্তু দুপৰীয়া সময়ত মূৰৰ ওপৰত থকা সূৰ্যৰ পোহৰ তুলনামূলকভাৱে কম দূৰত্ব অতিক্ৰম কৰে। এই সময়ত, নীলা আৰু বেঙুনীয়া ৰঙৰ কিঞ্চিৎহে বিক্ষিপ্ত হয়। সেয়েহে, দুপৰীয়া সূৰ্যৰ ৰং বগা হয় বা বগা দেখা যায়।

17. সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় ?
উত্তৰঃ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপসমূহৰ মাজেদি যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগবোৰ কণাবোৰে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেইকাৰণে, আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ হয়। ইয়েই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে। সেয়েহে, পোহৰৰ এই বিক্ষেপণৰ বাবে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয়।

18. সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন আছিল ? তেওঁ কেনেদৰে ইয়াৰ পৰীক্ষণ কৰিছিল ?
উত্তৰঃ সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল চাৰ আইজাক নিউটন।
চাৰ আইজাক নিউটনে অতিৰিক্ত আন এটা প্ৰিজমৰ ব্যৱহাৰ কৰি ৰংবোৰ আৰু অধিক পৃথক কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ সাতটা ৰঙতকৈ অৰ্থাৎ বেঘনীসেহাসুৰ অথবা বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা বা কমলা আৰু ৰঙা ৰঙৰ বাহিৰে অধিক ৰং নাপালে। ইয়াৰ পিছত, দ্বিতীয় প্ৰিজমটো প্ৰথমটোৰ ওলোটাকৈ বহুৱাইছিল আৰু ই বৰ্ণালীৰ সকলো ৰং দ্বিতীয় প্ৰিজমৰ মাজেৰে যাবলৈ দিছিল। এনে কৰাত তেওঁ দ্বিতীয় প্ৰিজমৰ আনটো ফালৰ পৰা নিৰ্গত হোৱা বগা পোহৰৰ কিৰণ এটা পাইছিল। এই পৰ্যবেক্ষণটোৰ পৰা নিউটনে এটা ধাৰণা জ্ঞাত হৈছিল যে ‘সূৰ্যৰ পোহৰ সাতটা ৰঙেৰে গঠিত।

19. দৃষ্টিৰ বাবে আমাক এটাৰ পৰিবৰ্ত্তে দুটা চকুৰ প্ৰয়োজন কিয়?
উত্তৰঃ দৃষ্টিৰ বাবে আমাক এটাৰ পৰিবৰ্ত্তে দুটা চকুৰ প্ৰয়োজন কাৰণ—
(ক) দুয়ুটা চকুয়ে দৃষ্টিক্ষেত্ৰ সম্প্ৰসাৰিত কৰে।
(খ) দুয়ুটা চকুৰ সংসূচকৰ ব্যৱহাৰে কম পোহৰত বস্তু দেখাৰ সামৰ্থ বৃদ্ধি কৰে।
(গ) এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ প্ৰায় 1500 আৰু দুটা চকুৰ প্ৰসাৰ প্ৰায় 1800
(ঘ) এটা চকু বন্ধ কৰিলে পৃথিৱীখন চেপেটা আৰু দ্বি-মাত্ৰিক ৰূপত দেখা যায়, আনহাতে দুয়ুটা চকুৰে তৃতীয়টো মাত্ৰাৰ অৰ্থাৎ গভীৰতাৰ সংযোজন হয়।
(ঙ)আমাৰ চকু দুটা ইটোৰ পৰা সিটো কিছু দূৰত অৱস্থিত। সেয়েহে, দুয়ুটা চকুৱে কিছু পৃথক প্ৰতিবিম্ব গঠন কৰে। এই দুয়ুটা প্ৰতিবিম্ব মগজুৱে সংলগ্ন কৰি এক কৰে আৰু কিমান ওচৰত বা দূৰত অৱস্থিত সেয়া জনাত সহজ হয়।

20. ৰামধেনু কি? ৰামধেনু সদায় সূৰ্যৰ কোন দিশত সৃষ্টি হয়? ৰামধেনু কেনেদৰে সৃষ্টি হয় বা ৰামধেনুৰ উৎপত্তি কেনেদৰে হয়?
উত্তৰঃ ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী।
ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।
বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰত বিচ্ছুৰণ ঘটি ৰামধেনুৰ সৃষ্টি হয়। পানীৰ টোপালবোৰে আপতিত সূৰ্যৰ পোহৰ প্ৰতিসৰিত আৰু বিচ্ছুৰিত কৰে। ইয়াৰ পিছত, আভ্যন্তৰীণ প্ৰতিফলন ঘটায় আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোতে পুনৰ প্ৰতিসৰিত কৰে। পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে বিভিন্ন ৰংবোৰ পৰ্যবেক্ষকৰ চকুত সোমায়হি আৰু ইয়েই ৰামধেনু।

21. প্ৰেছবায়’পিয়া (Presbyopia) বুলিলে কি বুজা? প্ৰেছবায়’পিয়া (Presbyopia) কেতিয়া হয় বা ইয়াৰ কাৰণ কি? প্ৰেছবায়’পিয়া (Presbyopia)ৰ বিকাৰ কেনেদৰে প্ৰতিকাৰ কৰিব পাৰি?
উত্তৰঃ বয়সৰ লগে লগে মানুহৰ চকুত উপযোজন ক্ষমতা ক্ৰমান্বয়ে কমি আহে। এনে অৱস্থাত মানুহৰ চকুৰ নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আতৰি যায়। লগতে, সংশোধনীমূলক চচ্মাৰ অবিহনে নিকটৱৰ্তী বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে চোৱাত অসুবিধা হয়। ইয়াকে প্ৰেছবায়’পিয়া (Presbyopia) বিকাৰ বুলি কোৱা হয়।

প্ৰেছবায়’পিয়া (Presbyopia) হোৱাৰ কাৰণঃ চিলিয়াৰীৰ পেশীসমূহ দুৰ্বল হৈ পৰিলে আৰু চকুৰ লেন্ছৰ নমনীয়তা কমি গ’লে এই বিকাৰ হয়।
প্ৰেছবায়’পিয়া (Presbyopia) বিকাৰৰ প্ৰতিকাৰঃ দ্বি-ফ’কাছযুক্ত লেন্ছৰ ব্যৱহাৰ কৰি প্ৰেছবায়’পিয়া (Presbyopia) বিকাৰৰ প্ৰতিকাৰ কৰিব পাৰি। দ্বি-ফ’কাছযুক্ত লেন্ছত উত্তল আৰু অৱতল দুয়ুপ্ৰকাৰৰ লেন্ছ থাকে। ইয়াৰ ওপৰৰ অংশটো অৱতল লেন্ছ যিয়ে দূৰৰ বস্তু চোৱাত সহায় কৰে। লগতে, এই লেন্ছৰ তলৰ অংশটোত এখন উত্তল লেন্ছ থাকে যিয়ে ওচৰৰ বস্তু চোৱাত সুবিধা কৰি দিয়ে।

22. জুই শিখা বা বিকিৰক এটাৰ পৰা ওপৰলৈ যোৱা আলোড়িত গৰম বায়ুৰ মাজেদি চালে বস্তুবোৰ কঁপি থকা যেন লাগে। ইয়াৰ কাৰণ কি?
উত্তৰঃ জুই শিখা বা বিকিৰক এটাৰ পৰা ওপৰলৈ যোৱা আলোড়িত গৰম বায়ুৰ মাজেদি চালে বস্তুবোৰ কঁপি থকা যেন লাগে। ইয়াৰ কাৰণ হ’ল— জুইৰ ঠিক ওপৰতে থকা বায়ুখিনি বেছি ওপৰত থকা বতাহতকৈ অধিক গৰম হয়। গৰম বায়ু ওপৰৰ চেঁচা বায়ুতকৈ পাতল বা কম ঘনত্বৰ আৰু ইয়াৰ প্ৰতিসৰণাংক চেঁচা বায়ুতকৈ কিছু কম হয়।

যিহেতু প্ৰতিসাৰক মাধ্যমৰ (বায়ু) ভৌতিক অৱস্থা সুস্থিৰ নহয়। গতিকে গৰম বায়ুৰ মাজেদি চাই পঠোৱা বস্তু এটাৰ আপাত অৱস্থানৰ সাল-সলনি ঘটে। লক্ষ্যবস্তু এনেদৰে কঁপি উঠাটো আমাৰ স্থানীৰ পৰিৱেশত কম মাত্ৰাত সংঘটিত বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফল অথবা পৃথিৱীৰ বায়ুমণ্ডলত পোহৰৰ প্ৰতিসৰণ।

23. টিণ্ডেল পৰিঘটনা কি? বা টিণ্ডেল পৰিঘটনা কেতিয়া বা কেনেকৈ সৃষ্টি হয় ? দুটা টিণ্ডেল পৰিঘটনাৰ উদাহৰণ দিয়া।
উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডল ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ এক সানমিহলি মিশ্ৰণ। এই কণাবোৰৰ মাজত আছে পানীৰ ক্ষুদ্ৰ টোপাল, ধোঁৱা, বায়ুৰ অণু আৰু উপঙি থকা ধুলিকণাসমূহ। যেতিয়া পোহৰৰ কোনো কিৰণে এই মিহি কণাবোৰত খুন্দা মাৰে তেতিয়া ইয়াৰ গতিপথ দৃশ্যমান হৈ পৰে। এই কণাসমূহত বিক্ষিপ্ত প্ৰতিফলন ঘটাৰ পাছত পোহৰ আমাৰ ওচৰ পায়হি। কলয়ডীয় কণাত পোহৰৰ এই বিক্ষেপণৰ বাবে টিণ্ডেল পৰিঘটনাৰ সৃষ্টি হয়।

দুটা টিণ্ডেল পৰিঘটনাৰ উদাহৰণ—
(ক) ধোঁৱাৰে পূৰ্ণ এক কোঠাত সৰু ফুটা এটাইদি সূৰ্যৰ মিহি কিৰণ এটা সোমালে টিণ্ডেল পৰিঘটনা চকুত পৰে।
(খ) ঘন হাবিত, গছ-লতাৰে আবৃত ঠাইৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ গ’লে টিণ্ডেল পৰিঘটনা দৃশ্যমান হয়।

24. মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা (Myopia) বুলিলে কি বুজা? মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা (Myopia) কেতিয়া হয় বা ইয়াৰ কাৰণ কি? মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা (Myopia) ৰ বিকাৰ কেনেদৰে প্ৰতিকাৰ কৰিব পাৰি?
উত্তৰঃ যেতিয়া কোনো এজন ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালদৰে দেখে অথবা কেইমিটাৰমান দূৰলৈকেহে ভালদৰে দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। চকুৰ এই বিকাৰকে মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা (Myopia) বোলা হয়।

মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা (Myopia) বিকাৰৰ কাৰণসমূহ হ’ল—
(ক) চকুৰ লেন্ছৰ অত্যধিক বক্ৰতা হয়।
(খ) অক্ষিগোলকৰ দীঘল অৱস্থাপ্ৰাপ্ত হয়।
(গ) মায়’পিয়া থকা চকুৱে দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব অক্ষিপটত গঠন নকৰি ৰেটিনাৰ কিছু সম্মুখত গঠন কৰে।

মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা (Myopia) বিকাৰৰ প্ৰতিকাৰঃ উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ ব্যৱহাৰ কৰি মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা (Myopia) বিকাৰৰ প্ৰতিকাৰ কৰিব পাৰি। উপযুক্ত ক্ষমতাত অৱতল লেন্ছৰ ব্যৱহাৰে প্ৰতিবিম্বটো পুনৰ ৰেটিনালৈ ঘূৰাও আনে আৰু এনেকৈ এই বিকাৰৰ প্ৰতিকাৰ হয়।

25. আমি কেনেদৰে কোনো এক বস্তু চকুৰে দেখো ?
উত্তৰঃ চকুৰ লেনছ প্ৰণালীয়ে অক্ষিপট (Retina) নামৰ পোহৰ সংবেদী পৰ্দাখনত প্ৰতিবিম্ব গঠন কৰে। কৰ্ণিয়া  নামৰ পাতল ছাল খনৰ মাজেৰে পোহৰ চকুত সোমায়। পোহৰ চকুত সোমোৱাৰ লগে লগে অক্ষিগোলকৰ (Eyeball) সন্মুখ পৃষ্ঠত উফন্দি উঠে। সাধাৰণতে, চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্ৰতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠ বা বাহিৰত ঘটে। চকুৰ স্ফটিকীয় লেনছে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিৰ্বিষ্ট কৰিবৰ বাবে প্ৰয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমাযোজন কৰে।

কৰ্ণি্যাৰ পিছফালে থকা চকুৰ পতাই (Irris) চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। চকুৰ লেনছে অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। এই অক্ষিপট বা পোহৰ সংবেদী কোষবোৰত পোহৰ পৰাৰ লগে লগে এইবোৰ সক্ৰিয় হৈ পৰে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। এই বৈদ্যুতিক সংকেত ৰেটিনা আৰু নেত্ৰ-স্নায়ুয়ে (Optic Nerve) মগজুলৈ প্ৰেৰণ কৰে। অৱশেষত, মগজুৱে এই সংকেতবোৰক বিশ্লেষণ কৰি দৃষ্টিৰ অনুভূতি প্ৰদান কৰে। এইদৰে আমি কোনো এক বস্তুক চকুৰে দেখা পাওঁ।

26. হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) বুলিলে কি বুজা? হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) কেতিয়া হয় বা ইয়াৰ কাৰণ কি? হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) ৰ বিকাৰ কেনেদৰে প্ৰতিকাৰ কৰিব পাৰি?
উত্তৰঃ যেতিয়া কোনো এজন ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালদৰে দেখা নাপায়। অথবা নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব 25 cm তকৈ অধিক দূৰত্বত অৱস্থিত হয়। তেতিয়া তাক হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) বিকাৰ বুলি কোৱা হয়।হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) বিকাৰৰ কাৰণসমূহ হ’ল—

(ক) চকুৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্য যথেষ্ট বেছি হয়।
(খ) চকুৰ অক্ষিগোলকটো যথেষ্ট সৰু হয়।
(গ) বিকাৰগ্ৰস্ত চকুৰ লেন্সে ওচৰৰ বস্তু এটাৰ পৰা অহা পোহৰ ৰশ্মিবোৰ অক্ষিপটৰ পিছফালে থকা এটা বিন্দুলৈ অভিসাৰী কৰে।

হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) বিকাৰৰ প্ৰতিকাৰঃ উপযুক্ত ক্ষমতাৰ উত্তল লেন্সৰ ব্যৱহাৰ কৰি হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা (Hypermetropia) ৰ বিকাৰ প্ৰতিকাৰ কৰিব পাৰি। এনে চছ্মাই অক্ষিপটত প্ৰতিবিম্ব গঠনৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত অভিসাৰী ক্ষমতাৰ যোগান ধৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading