নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Asseb Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10 General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Asseb Board | Assam Class 10 G. Science Answer | Asseb Board | Assam State School Education Board (ASSEB) | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম
নিয়ন্ত্ৰণ আৰু সমন্বয়
Multiple Choice Questions and Answers
1. ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি হোৱাতো ?
(a) কিম’ট্রপিজম
(b) পোহৰানুবেগী
(c) জলানুবেগী
(d) ভূ-কেন্দ্রাবেগী
উত্তৰ : (a) কিম’ট্ৰপিজম।
2. দুটা নিউৰণৰ সংযোগ স্থানক বোলে।
(a) নিউৰ’ মাছকুলাৰ জংচন
(b) চাইনেপচ্ (c) কোষ জংচন
(d) এটাও নহয়
উত্তৰ : (b) চাইনেপচ্ ।
3. কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষৰ বৃদ্ধি আৰু কোষ বিভাজনত বাধা দিয়ে?
(a) এবছিছিক এছিড
(b) ছাইট’কাইনিন
(c) অক্সিন
(d) কেলাইন
উত্তৰ : (a) এবছিছিক এছিড
4. দুটা নিউৰনৰ খালী ঠাইক কি বুলি কয়—
(a) ডেনড্রাইট
(b) চাইনেপচ্
(c) এক্সন
(d) প্ৰেৰণা
উত্তৰ : (b) চাইনেপচ্
5. মগজুৱে কি কাম কৰে—
(a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
6. কোনবিধ সঞ্জীৱনী পদার্থ উদ্ভিদ দেহৰ শিপাত সংশ্লেষণ হৈ পিছত বিভিন্ন অংগলৈ পৰিবাহিত হয়?
(a) ছাইট ‘কাইনিন
(b) অক্সিন
(c) জিবাৰেলিন
(d) এবছিছিক এচিদ
উত্তৰ : (a) ছাইট’কাইনিন ।
7. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ ?
(a) ইনচুলিন
(b) থাইৰ ‘ক্সিন
(c) অ’ৱেষ্ট্ৰজেন
(d) চাইট’কাইনিন
উত্তৰ : (d) চাইট’কাইনিন
8. তলৰ কোনটো হৰম’ন সংশ্লেষণৰ বাবে আয় ডিনৰ আৱশ্যক হয় ?
(a) ইনচুলিন
(b) অক্সিন
(c) এড্রিনেলিন
(d) থাইৰ ‘ক্সিন
উত্তৰ : (d) থাইৰ’ক্সিন ।
9. তলৰ কোনটোৰ পৰিবৰ্তনৰ বাবে ৰক্ষীকোষৰ আকৃতিৰ পৰিবৰ্তন ঘটে ?
(a) কোষত উষ্ণতাৰ পৰিবৰ্তন ঘটিলে
(b) ৰক্ষীকোষত পানীৰ পৰিবৰ্তনৰ বাবে
(c) কোষত প্ৰ’টিন সংযুক্তিৰ পৰিবৰ্তনৰ বাবে
(d) কোষত কোষকেন্দ্ৰৰ অৱস্থানৰ পৰিবৰ্তনৰ বাবে
উত্তৰ : (b) ৰক্ষীকোষত পানীৰ পৰিবৰ্তনৰ বাবে।
10. তলৰ কোনটোৰ বাবে বাউনা (Dwarfism) হ’ব পাৰে—
(a) বৃদ্ধি হৰম’নৰ অতি বেছি নিঃসৰণৰ বাবে
(b) বৃদ্ধি হৰম’নৰ অতি কম নিঃসৰণৰ বাবে।
(c) থাইৰ’ক্সিন হৰম’নৰ কম নিঃসৰণৰ বাবে
(d) এড্রিনেলিন হৰমনৰ বেছি নিঃসৰণৰ বাবে ।
উত্তৰ : (b) বৃদ্ধি হৰম’নৰ অতি কম নিঃসৰণৰ বাবে
11. মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়—
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(c) কেন্দ্রীয় স্নায়ুতন্ত্র।
(d) অন্তঃস্রাবী তন্ত্র।
উত্তৰঃ (c) কেন্দ্রীয় স্নায়ুতন্ত্র।
12. স্নায়ুৰজ্জু তলৰ কোনটোৰ পৰা উৎপত্তি হয় ?
(a) মেডুলা
(b) চেৰিব্ৰাম
(c) চেৰিবেলাম
(d) পনচ্
উত্তৰ : (a) মেডুলা ।
13. কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্ৰবিধ হ’ল—
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) অন্তঃস্রাবী তন্ত্র।
(c) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(d) ৰেচন তন্ত্ৰ।
উত্তৰঃ (a) প্রান্তীয় স্নায়ুতন্ত্র।
14. উদ্ভিদৰ কোষ বিভাজন প্রক্রিয়াত কোনবিধ হম’নে সহায় কৰে ?
(a) জিবাৰেলিন
(b) ছাইট লিন
(c) ছাইট কাইনিন
(d) এটাও নহয়।
উত্তৰ : (c) ছাইট’কাইনিন
15. কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নোযায় ?
(a) অক্সিন
(b) জিবাৰেলিন
(c) 2.4.D
(d) ইথিলিন
উত্তৰ : (c) 2.4. D
16. বৈদ্যুতিক প্ৰেৰণা প্রবাহৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ ?
(a) ডেনড্রাইট______কোষদেহ _____ এক্সন_____এক্সন______প্রান্ত।
(b) ডেনড্রাইট________এক্সন______এক্সন প্রান্ত______কোষদেহ ।
(c) কোষদেহ _______ ডেনড্রাইট ________ এক্সন _______ প্রান্ত।
(d) এক্সন প্রান্ত _______ এক্সন _______ কোষদেহ ________ ডেনড্রাইট ।
উত্তৰ : (a) ডেনড্রাইট _______ কোষদেহ ________ এক্সন _______ এক্সন প্রান্ত।
17. তলৰ কোনটোৱে শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে ?
(a) পনচ্
(b) চেৰিবেলাম
(c) মেডুলা
(d) চেৰিব্ৰাম
উত্তৰ : (b) চেৰিবেলাম।
18. তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ—
(a) স্নায়ুৰজ্জু।
(b) মস্তিষ্ক।
(c) স্নায়ু ।
(d) নিউৰণ।
উত্তৰঃ (b) মস্তিষ্ক।
19. পোহৰৰ দিশত উদ্ভিদৰ কাণ্ডৰ চলনক ________বোলে।
(a) ভূকেন্দ্রাবেগী
(b) কিম’ট্রপিজম
(c) পোহৰানুবেগী
(d) জলানুবেগী
উত্তৰ : (c) পোহৰানুবেগী।
20. নিম্নলিখিত কোনটো তন্ত্ৰই প্ৰাণীদেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে ?
(a) স্নায়ুতন্ত্র
(b) ৰক্ত সঞ্চালন তন্ত্র
(c) শ্বাসতন্ত্র
(d) প্রজনন তন্ত্র
উত্তৰ : (a) স্নায়ুতন্ত্র।
21. তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে—
(a) এক্সন।
(b) ডেনড্রাইট।
(c) মায়েলিন আৱৰণী।
(d) কোষদেহ।
উত্তৰঃ (b) ডেনড্রাইট।
22. দেহত থকা অন্তঃস্রাবী গ্রন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে—
(a) হৰম’ন
(b) উৎসেচক
(c) প্লাজমা
(d) ভিটামিন
উত্তৰ : (a) হৰম’ন।
23. আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়—
(a) স্নায়ুতন্ত্র।
(b) প্রান্তীয় স্নায়ুতন্ত্র।
(c) প্রতীপ ক্রিয়া।
(d) প্রতীপ ধনু।
উত্তৰঃ (d) প্রতীপ ধনু।
24. তলত দিয়া অন্তঃস্রাৱী গ্রন্থিবোৰৰ কোনটো শৰীৰত গ্লুক ‘জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত ?
(a) পিটুইটাৰী
(b) থাইৰয়ড
(c) অগ্ন্যাশয়
(d) শুক্রাশয়
উত্তৰ : (c) অগ্ন্যাশয় ।
25. আমাৰ ভোক লাগিলে লালটি ক্ষৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ—
(a) ঐচ্ছিক ক্রিয়া।
(b) প্রতীপ ক্রিয়া।
(c) অনৈচ্ছিক ক্রিয়া।
(d) হৃদ ক্রিয়া।
উত্তৰঃ (b) প্রতীপ ক্রিয়া।
26. গলগণ্ড ৰোগ কোনবিধ হৰম’নৰ অভাৱত হয় ?
(a) বৃদ্ধি হৰম’ন
(b) থাইৰয়ড উদ্দীপক হৰম’ন
(c) থাইৰক্সিন
(d) ইনছুলিন
উত্তৰ : (c) থাইৰক্সিন ।
27. এটা নিউৰণৰ পৰা তাৰ পৰৱৰ্তী নিউৰণলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়—
(a) বৈদ্যুতিক প্ৰেৰণা।
(b) চুম্বকীয় প্ৰেৰণা।
(c) তাপ।
(d) ৰাসায়নিক পদার্থ।
উত্তৰঃ (d) ৰাসায়নিক পদার্থ।
28. হৰম’ন এবিধ—
(a) ৰাসায়নিক বাহক
(b) উৎসেচক
(c) উপজাত দ্রব্য
(d) নাইট্ৰ’জেন জাতীয় পদার্থ
উত্তৰ : (a) ৰাসায়নিক বাহক।
29. বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়—
(a) এক্সন।
(b) কোষদেহ।
(c) ডেনড্রাইট।
(d) মায়েলিন আৱৰণী।
উত্তৰঃ (a) এক্সন।
30. তলত দিয়াবোৰৰ কোনটো মিশ্র গ্রন্থি বোলে?
(a) পিটুইটাৰী
(b) থাইৰয়ড
(c) অগ্ন্যাশয
(d) এড্রিনেল
উত্তৰ : (c) অগ্ন্যাশয়।
31. পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ’ল—
(a) ঐচ্ছিক ক্রিয়া।
(b) অনৈচ্ছিক ক্রিয়া।
(c) প্রতীপ ক্রিয়া।
(d) স্বতঃস্ফূর্ত ক্রিয়া।
উত্তৰঃ (c) প্রতীপ ক্রিয়া।
32. তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী নহয়—
(a) এড্রিনেল গ্রন্থি
(b) থাইৰইড গ্ৰন্থি
(c) প্রষ্টেট গ্রন্থি
(d) অগ্ন্যাশয় গ্রন্থি
উত্তৰ : (c) প্রষ্টেট গ্রন্থি।
33. তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়—
(a) মস্তিষ্ক।
(b) স্নায়ু।
(c) স্নায়ুৰজ্জু।
(d) মেৰুদণ্ড।
উত্তৰঃ (c) স্নায়ুৰজ্জু।
Short Questions and Answers
1. কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ দুটা প্ৰথাৰ নাম লিখা ।
উত্তৰঃ কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ দুটা প্ৰথা হ’ল— বিদ্যুৎ প্ৰেৰণা (Electrical Inpulse) আৰু ৰাসায়নিক সংযোগ ।
2. স্নায়ুৰজ্জু কিহেৰে গঠিত ?
উত্তৰঃ দেহৰ বিভিন্ন অংশৰ পৰা অহা স্নায়ুবোৰ লগ লাগি স্নায়ুৰঞ্জু গঠিত ।
3. কোষ বিভাজনত সহায় কৰা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি?
অথবাঃ এবিধ প্ৰাকৃতিক সঞ্জীৱনী পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ কোষ বিভাজনত সহায় কৰা প্ৰাকৃতিক সঞ্জীৱনী পদাৰ্থবিধৰ নাম- চাইট’কাইনিন ।
4. আমি ক’ত প্ৰতীপ (Reflex) শব্দটো ব্যৱহাৰ কৰো ?
উত্তৰঃ পৰিবেশত সচৰাচৰ ঘটি থকা কিছুমান পৰিঘটনা বুজাবলৈ সাধাৰণতে আমি প্ৰতীপ (Reflex) শব্দটো ব্যৱহাৰ কৰো ।
5. চিন্তা কৰিব পৰা কাৰ্যটো ক’ত কেন্দ্ৰীভূত ?
উত্তৰঃ চিন্তা কৰিব পৰা কাৰ্যটো আমাৰ দেহৰ মুখ্য সমন্বয় কেন্দ্ৰ মস্তিস্কত কেন্দ্ৰীভূত ।
6. অনুভূতিৰ কাৰণে আমাৰ দেহত কি অংগ থাকে ? ই কিহেৰে গঠিত ? ইয়াৰ অৱস্থিতি ক’ত ?
উত্তৰঃ অনুভূতিৰ কাৰণে আমাৰ দেহত নিউৰণেৰে গঠিত কিছুমান ঘন জালিকাৰে গঠিত কলা থাকে । ইয়াৰ অৱস্থিতি লাওখোলাৰ অগ্ৰভাগত ।
7. কিয় প্ৰতীপ ধনু জীৱ-জন্তুৰ দেহত বিকাশ হোৱা নাই ?
উত্তৰঃ মগজুৰ চিন্তা শক্তি খুৱ খৰতকীয়া নোহোৱাৰ বাবে প্ৰতীপ ধনু জীৱ-জন্তুৰ দেহত বিকাশ হোৱা নাই ।”
8. চিন্তা কৰিব পৰা কাৰ্যটো এটা _____ প্ৰক্ৰিয়া আৰু ই এক ____ সমন্বয় ।
উত্তৰঃ চিন্তা কৰিব পৰা কাৰ্যটো এটা জটিল প্ৰক্ৰিয়া আৰু ই এক স্নায়বিক সমন্বয় ।
9. কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত ? ইয়াৰ কাম কি ?
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ(Central Nervous System) মস্তিস্ক (Brain) আৰু স্নায়ুৰজ্জু (Spinal Cord) লগ লাগি গঠিত । দেহৰ সকলো অংশৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই বাৰ্তা গ্ৰহণ কৰি একত্ৰিত কৰি ৰাখে ।
10. উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু চলনৰ দিশ নিৰ্ভৰ কৰা দুটা কাৰক লিখা ।
উত্তৰঃ উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু চলনৰ দিশ নিৰ্ভৰ কৰা দুটা কাৰক হ’ল— পোহৰ আৰু মধ্যাকৰ্ষনিক বল ।
11. হৰম’নবিলাক আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰাৰ অন্য এক ________।
উত্তৰঃ হৰম’নবিলাক আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰাৰ অন্য এক দ্বিতীয় প্ৰকাৰৰ তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ অংশ।
12. কোনবোৰ গ্ৰন্থিয়ে যথোপযুক্ত হৰম’ন নিঃসৰণ কৰে?
উত্তৰঃ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে যথোপযুক্ত হৰম’ন নিঃসৰণ কৰে ।
13. উদ্ভিদে কিহৰ ফালে গতি কৰে?
উত্তৰঃ উদ্ভিদে সূৰ্যৰ পোহৰৰ ফালে গতি কৰে ।
14. ৰাসায়নুবেগী চলন বা কেম’ট্ৰপিজম এক উদাহৰণ দিয়া ।
উত্তৰঃ ৰাসায়নুবেগী চলন বা কেম’ট্ৰপিজম এক উদাহৰণ হ’ল— ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি ।
15. মহ’ৰ এক চলন লিখা ।
উত্তৰঃ ম’হে পাচনৰ সুবিধাৰ কাৰণে খাদ্যৰ কঠিন অংগ পাগুলি থাকে । ই এক মহ’ৰ চলন ।
16. হাইড্ৰ’ আৰু কেম’ শব্দৰ অৰ্থ কি?
উত্তৰঃ হাইড্ৰ’ শব্দৰ অৰ্থ হ’ল পানী বা জল আৰু কেম’ শব্দৰ অৰ্থ হ’ল— ৰস বা ৰাসায়নিক ।
17. চলনৰ দ্বাৰা সংঘটিত হোৱা দুটা কাৰ্য লিখা ।
উত্তৰঃ চলনৰ দ্বাৰা সংঘটিত হোৱা দুটা কাৰ্য হ’ল—
(ক) উজ্জ্বল পোহৰ পৰিলে আমাৰ চকু কেইটা জাপ খায় ।
(খ) গৰম বস্তুত হাত থাকিলে হাত কোঁচাই নিজক বচোৱা ।
18. কেইটামান ঐচ্ছিক কাৰ্যৰ উদাহৰণ দিয়া ।
উত্তৰঃ কেইটামান ঐচ্ছিক কাৰ্য হ’ল— লিখি থকা, কথা বাৰ্তা, চকীখন ঘুৰাই থকা, সভাৰ শেষত হাত চাপৰি মৰা আদি ।
19. ৰাজহাড় ক’ত থাকে ? ৰাজহাড়ে কাক সুৰক্ষিত কৰি ৰাখে ?
উত্তৰঃ আমাৰ মানুহৰ পিঠিৰ মাজভাগত ৰাজহাড় থাকে । ৰাজহাড়ে স্নায়ুৰজ্জুক সুৰক্ষিত কৰি ৰাখে ।
20. কিহৰ দ্বাৰা বা সহায়ত প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয় ?
উত্তৰঃ স্নায়ু কলা (Nervous tissues) আৰু পেশী কলাৰ দ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয় ।
21. ভোক অনুভূতি কোনে পৰিচালনা কৰে ? বা ভোক অনুভূতিৰ বাবে ক’ত এক সুকীয়া স্থান থাকে ?
উত্তৰঃ ভোক অনুভূতি প্ৰমস্তিস্কই পৰিচালনা কৰে । ভোক অনুভূতিৰ বাবে প্ৰমস্তিস্কত এক সুকীয়া স্থান থাকে ।
22. বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত কোনবিধ কোষে সহায় কৰে ?
উত্তৰঃ বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত সংবেদী স্নায়ুকোষে (Nerve Cell) সহায় কৰে ।
23. চলন কিহৰ ওপৰত নিৰ্ভৰশীল ?
উত্তৰঃ চলন কোনো ক্ৰিয়াৰ দ্বাৰা সাধিত হোৱা কাৰ্যৰ ওপৰত নিৰ্ভৰশীল ।
24. আমাৰ মস্তিস্কৰ অংশকেইটা কি কি?
উত্তৰঃ আমাৰ মস্তিস্কৰ বিভিন্ন অংশসমূহ হ’ল— প্ৰমস্তিস্ক (Fore Brain), মধ্য মস্তিস্ক (Mid Brain) আৰু পশ্চাৎ মস্তিস্ক (Hind brain) ।
25. আমাৰ দেহৰ তিনিটা সংবেদনশীল অংগৰ নাম লিখা ।
উত্তৰঃ অন্তকৰ্ণ, নাক আৰু জিভা ।
26. প্ৰমস্তিস্ক কি ? বা মস্তিস্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ কি? ইয়াৰ কাম কি ?
উত্তৰ প্ৰমস্তিস্ক হ’ল— মস্তিস্কৰ মুখ্য চিন্তা-ভাৱনাৰ অংগ । প্ৰমস্তিস্কৰ কাম হ’ল— শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰা ।
27. কিয় স্বাদসংগ্ৰাহী কোষবিলাকে খাদ্যৰ স্বাদ আৰু ঘ্ৰাণসংগ্ৰাহী কোষে গোন্ধ অনুভৱ কৰিব পাৰে?
উত্তৰঃ স্বাদসংগ্ৰাহী কোষবিলাকে খাদ্যৰ স্বাদ আৰু ঘ্ৰাণসংগ্ৰাহী কোষে গোন্ধ অনুভৱ কৰিব পাৰে, কাৰণ অন্তকৰ্ণ, নাক, জিভা আদিত সংবেদী স্নায়ুকোষ থাকে ।
28. সূৰ্যমুখী ফুলৰ চলন কোনবিধ চলনৰ অন্তৰ্গত?
উত্তৰঃ সূৰ্যমুখী ফুলৰ চলন পোহৰানুবেগী চলনৰ অন্তৰ্গত ।
29. স্নায়ুকোষবোৰ কিহেৰে গঠিত ?
উত্তৰঃ স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত ।
30. আমাৰ দেহত প্ৰতীপ ধনুৰ কিয় সৃষ্টি হৈছে ? ইয়াৰ কাম কি?
উত্তৰঃ চিন্তা উদ্ৰেককাৰী প্ৰক্ৰিয়াৰে অবিহনে ক্ষিপ্ৰতাৰে কাৰ্য সমাধা কৰাৰ নিমিত্তে প্ৰতীপ ধনুৰ সৃষ্টি হৈছে । প্ৰতীপ ধনুৰ কাম হ’ল— কিছুমান স্বয়ংক্ৰিয় কাৰ্য লগে লগে সমাধা কৰা ।
31. স্নায়ু প্ৰবদ্ধ কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ স্নায়ু প্ৰবদ্ধ দুইপ্ৰকাৰৰ । এক্সন আৰু ডেনড্ৰাইট ।
32. অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধৰ নাম কি?
উত্তৰঃ অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধৰ নাম- এড্ৰিনেলিন ।
33. উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা দুবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা দুবিধ সঞ্জীৱনী পদাৰ্থৰ নাম হ’ল—
(ক) অক্সিন
(খ) জিবাৰেলিন ।
34. কোনবিধ সঞ্জীৱনী পদাৰ্থই উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে অথবা উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ জাননী প্ৰদান কৰে ?
অথবাঃ গছৰ পাত কিয় সৰে ?
অথবাঃ কোনবিধ সঞ্জীৱনী পদাৰ্থৰ বাবে গছৰ পাত সৰে?
উত্তৰঃ এবচাইচিচ্ এচিড নামৰ সঞ্জীৱনী পদাৰ্থই উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে অথবা উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ জাননী প্ৰদান কৰে । ইয়াৰ প্ৰভাবৰ ফলতেই গছৰ পাত সৰে ।
35. প্ৰাণীয়ে কিহৰ সহায়ত দৈহিক কাৰ্যবোৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে ?
উত্তৰঃ প্ৰাণীয়ে স্নায়ুতন্ত্ৰৰ সহায়ত দৈহিক কাৰ্যবোৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে ।
36. কিয় এজন মানুহ বাউনা হয় বা দুৰ্জয়ওখ হয়?
অথবাঃ কোনবিধ হৰমনে মানুহৰ বৰ্ধন আৰু বিকাশত সহায় কৰে ?
অথবাঃ দেহবৰ্ধনকাৰী হৰম’ন কিহে নিঃসৰণ কৰে? ইয়াৰ কাম কি?
অথবাঃ পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধৰ নাম কি?
উত্তৰঃ পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধ হ’ল— দেহবৰ্ধনকাৰী হৰম’ন । এই হৰম’নবিধে মানুহৰ দেহৰ বৰ্ধন আৰু বিকাশত সহায় কৰে । বাল্যকালত দেহবৰ্ধনকাৰী হৰম’ন নিঃসৰন কমিলে বাউনা হয় আৰু বৃদ্ধি পালে দুৰ্জয়ওখ হয় ।
37. ১০-১২ বছৰ বয়সত শিশুক আকস্মিক পৰিৱৰ্তনবোৰ হোৱাৰ কাৰণ কি?
অথবাঃ কিশোৰ কালত নিঃসৰণ হোৱা হৰম’ন কেইবিধৰ নাম কি?
অথবাঃ কোনকেইবিধ হৰম’নে কৈশোৰ কালত পৰিৱৰ্তনবোৰ সাধন কৰে?
উত্তৰঃ ১০-১২ বছৰ মান বয়সত কৈশোৰ কালত ল’ৰাৰ টেষ্ট’টেৰন আৰু ছোৱালীৰ এষ্ট্ৰ’জেন নিঃসৰন হয় । ইয়াৰ প্ৰভাবতে, এই বয়সত আকস্মিক কিছুমান পৰিৱৰ্তন হয় ।
Long Questions and Answers
1. দুটা প্ৰতিপ ক্ৰিয়াৰ উদাহৰণ লিখা ।
উত্তৰঃ দুটা প্ৰতিপ ক্ৰিয়াৰ উদাহৰণ হ’ল—
(ক) আহাৰ দেখিলে লালটি ওলোৱা ।
(খ) স্বতঃফুৰ্তভাৱে হৃদস্পন্দনৰ স্পন্দন হোৱা ।
2. পেশীকোষবোৰে কেনেকৈ আকৃতি সলনি কৰে?
অথবাঃ পেশী কোষবোৰে কেনেকৈ গতি কৰে?
উত্তৰঃ কোষৰ আকৃতি সলনি কৰি পেশীসমূহে গতি কৰে । পেশীকোষসমূহত এবিধ প্ৰ’টিন মজুত থাকে । যেতিয়া পেশীসমূহে কোনো বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰে তেতিয়া পেশীসমূহৰ আকৃতি সলনি হয়, এনে সময়ত পেশীকোষৰ প্ৰ’টিনসমূহৰ নতুন শৃংখলৰ বাবে সৰু হৈ যায় আৰু বাৰ্তাৰ প্ৰতি সহাৰি জনায় ।
3. উদ্ভিদে কেনেকৈ ৰাসায়নিক সংযোগ সাধন কৰে?
উত্তৰঃ উদ্ভিদৰ কিছুমান সঞ্জীৱনী পদাৰ্থ থাকে । এইবোৰৰ সহায়ত উদ্ভিদে বৃদ্ধি, বিকাশ আৰু পৰিৱেশ সৈতে ৰাসায়নিক সংযোগ সাধন কৰে । এই সঞ্জীৱনী পদাৰ্থবোৰ সংশ্লেষিত স্থানৰ পৰা কাৰ্য সমাধা স্থান আতৰত থাকিলেও ব্যাপন প্ৰক্ৰিয়াৰ মাধ্যমেৰে সেই ঠাই পায়গৈ ।
4. পোহৰানুবেগী চলন কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ পোহৰানুবেগী চলন দুই প্ৰকাৰৰ । কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয়, ইয়াক ঊৰ্ধমুখী চলন আৰু শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয়, ইয়াক অধোমুখী চলন বোলে । উদাহৰণস্বৰূপে— সূৰ্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি দিয়া সহাৰি এক পোহৰানুবেগী চলন ।
5. ডেনড্ৰেটবোৰে কেনেকৈ বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে আৰু কোষলৈ প্ৰেৰণ কৰে?
উত্তৰঃ ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু উদ্দীপনা আৰু বাৰ্তা সংগ্ৰহ কৰে । স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ মাধ্যমেৰে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে । এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ প্ৰেৰণ কৰে ।
6. চাইট’কাইনিনে কেনেদৰে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে?
অথবাঃ কোনবিধ সঞ্জীৱনী পদাৰ্থই উদ্ভিদৰ কোষ, যেনে- ফল, বীজ আদি বিভাজনত সহায় কৰে?
অথবাঃ চাইট’কাইনিনে উদ্ভিদৰ কি কাৰ্যত সহায় কৰে? ই ক’ত বেছিকৈ উপলব্ধ হয় ?
উত্তৰঃ চাইট’কাইনিন এক প্ৰাকৃতিক সঞ্জীৱনী পদাৰ্থ । সেয়েহে, ইয়াৰ গাঢ়তাৰ খৰতকীয়াকৈ কোষ বিভাজন হোৱা স্থান বিশেষকৈ ফল, বীজ আদিত অধিক পৰিমাণে উপলব্ধ হয় । চাইট’কাইনিনে কোষ বিভাজনত সহায় কৰে ।
7. এক্সনবোৰে কেনেকৈ বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কোষলৈ প্ৰেৰণ কৰে?
উত্তৰঃ বৈদ্যুতিক প্ৰেৰণা এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত থকা আন এক স্নায়ুকোষলৈ প্ৰেৰণ কৰে । এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় । এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয় । এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয় ।
8. এডাল জ্বলন্ত শিখা স্পৰ্শ কৰাৰ পিছত পৰিঘটনাটো অনুভূত কৰাৰ বাবে কিমান সময়ৰ প্ৰয়োজন ?
উত্তৰঃ এডাল জ্বলন্ত শিখা স্পৰ্শ কৰাৰ পিছত পৰিঘটনাটো অনুভূত কৰাৰ বাবে আমাৰ ভাবনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমি কেনেধৰণে তাক ভাবো । এই পৰিঘটনাটো স্নায়ুপ্ৰেৰণাই চাৰিওফালে বিয়পাই দিব আৰু লগে লগে আমাৰ মন বা ভাবটো সেই অনুভূতি লগত জড়িত হৈ পৰিব । তাৰ পিছত, আমাৰ দেহৰ স্নায়ু কোষে স্নায়ু প্ৰেৰণা মগজুলৈ প্ৰেৰণ কৰাৰ মুহূৰ্ততে ইয়াৰ প্ৰতিক্ৰিয়া আহিব ।
9. ফিড্-বেক পদ্ধতি কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যি পদ্ধতিৰ জৰিয়তে দেহৰ হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় । তাকে ফিড্-বেক পদ্ধতি (Feedback mechanism) বোলে ।
উদাহৰণস্বৰূপে— তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি হ’লে অগ্ন্যাশয় কোষবোৰে অধিক পৰিমাণে ইঞ্চুলিন নিঃসৰণ কৰে । আকৌ, যদি তেজত গ্লুক’জৰ মাত্ৰা হ্ৰাস পায় তেনেহ’লে ইনচুলিনৰ নিঃসৰণ হ্ৰাস পায় ।
10. ভূকেন্দ্ৰাবেগী চলন কাক বোলে ?
অথবাঃ উদ্ভিদৰ ঊৰ্ধমুখী চলন আৰু অধোমুখী চলনক কোনে সহাৰি দিয়ে ?
উত্তৰঃ কাণ্ডই সদায় ঊৰ্ধমুখী চলন কৰে আৰু শিপাই সদায় অধোমুখী চলন কৰে । এই দুই চলনক পৃথিৱৰ মধ্যাকৰ্ষণিক বলৰ প্ৰতি সহাৰি দিয়ে বুলি গণ্য কৰা হয় । সেয়েহে, এই চলনক ভূকেন্দ্ৰাবেগী (Geotropism) চলন বোলা হয় । ভূকেন্দ্ৰাবেগী চলন হ’ল— কোনো উদ্ভিদৰ চলনৰ ওপৰত মহাকৰ্ষ বা মধ্যাকৰ্ষন বলৰ প্ৰতিক্ৰিয়াৰ কাৰণে হোৱা এক চলন বা গতি । উদাহৰণস্বৰূপে— শিপা বা মূলবোৰে মাটিৰ তললৈ গতি কৰে ।
11. কেনেকৈ আমাৰ দেহৰ কলাবোৰ সুৰক্ষিত হৈ থাকে ?
অথবাঃ আমাৰ মস্তিস্কটো কেনেদৰে সুৰক্ষিত হয় ?
উত্তৰঃ মানুহৰ শৰীৰৰ মস্তিস্কটো শৰীৰৰ ভিতৰত সুৰক্ষিত এক ব্যৱস্থাত অৱস্থিত । কৰোটিৰ এক টান আৱৰনৰ ভিতৰত এই মস্তিস্কটো সোমাই থাকে । কৰোটিৰ বাকচৰ ভিতৰত মস্তিস্কটো কছুমান লুপথুপিয়া ধূসৰ দ্ৰৱ্যৰে গঠিত হয় । এই অংশই বাহিৰৰ পৰা অহা চাপ, খুণ্ডা, আঘাত আদিক ৰক্ষা কৰে । ঠিক তেনেদৰে, আমাৰ দেহত থকা ৰাজহাড়ে স্নায়ুৰজ্জুক সুৰক্ষা প্ৰদান কৰে ।
12. আমি কোনো এক পৰিঘটনা (উদাহৰণ-জুইয়ে পোৰা)ৰ প্ৰতি কেনেদৰে সহাৰি জনাও ?
উত্তৰঃ আমি কোনো পৰিঘটনাৰ অনুভূতিৰ বাবে আমাৰ দেহত নিউৰণেৰে গঠিত কিছু ঘন জালিকাৰে গঠিত কলা থাকে । এই কলাবোৰৰ অৱস্থিতি আমাৰ লাওখোলাৰ অন্তভাগত থাকে । দেহৰ বিভিন্ন অংশৰ পৰা অহা বাৰ্তাসমূহ গ্ৰহণ কৰাৰ লগে লগে লাওখোলাৰ মগজুৰ ভাৱ বোধ ক্ৰিয়া জড়িত হৈ পৰে আৰু পেশীসমূহক সঞ্চালনৰ কাৰণে নিৰ্দেশ প্ৰদান কৰে । স্নায়ুসমূহে দেহৰ বিভিন্ন অংশলৈ এই বাৰ্তা প্ৰেৰণ কৰিব । এক গৰম বস্তুত আমাৰ স্পৰ্শ কৰাৰ পিছত হাতখন জ্বলিবৰ বাবে যি সময় পায় সেই সময়ৰ অন্তৰালত হাতখন আতৰাবৰ বাবে পেশীসমূহক সঞ্চালনৰ বাবে মগজুয়ে বাৰ্তা প্ৰেৰণ কৰিব ।
13. স্নায়ু কলাবোৰে কেনেকৈ ক্ৰিয়া কৰে ?
উত্তৰঃ স্নায়ু কলাবোৰে বাৰ্তা সমূহ গ্ৰহণ কৰি দেহৰ বিভিন্ন অংশত প্ৰেৰণ কৰে । স্নায়ু কলাসমূহে বাৰ্তা ওপৰত নিৰ্ভৰ কৰি পেশীসমূহক ক্ৰিয়া কৰিবৰ বাবে সিদ্ধান্তসমূহ প্ৰেৰণ কৰে । পেশী কলাসমূহক কাৰ্য সমাধা কৰাত স্নায়ু কলাবোৰে মূখ্য ভূমিকা গ্ৰহণ কৰে । স্নায়ু কলাবোৰে স্নায়ু প্ৰবাহ পেশীসমূহলৈ প্ৰেৰণ কৰে আৰু পেশীৰ আঁহবোৰৰ গতি কৰায় । লগতে, স্নায়ুকলাবোৰে বিভিন্ন কোষৰ আকৃতি সলনি কৰি গতি কৰায় ।
14. আমাৰ দেহত আয়ডিনৰ কিয় প্ৰয়োজন ?
অথবাঃ আমাৰ দেহত আয়ডিনৰ পৰিমাণ কমিলে কি হয় বা কি ৰোগ হব পাৰে ?
অথবাঃ আমাৰ দেহত থাইৰক্সিন হৰম’নৰ কাম কি? দুটা কাম উল্লেখ কৰা ।
উত্তৰঃ থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰম’ন প্ৰস্তুত কৰাৰ নিমিত্তে আয়ডিন প্ৰয়োজন হয় ।
(ক) থাইৰক্সিন হৰমনে শৰীৰৰ কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বীয়ে বিপাকীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে ।
(খ) লগতে, এই হৰমনে দেহৰ বৃদ্ধি সমতা ৰক্ষা কৰে ।
থাইৰক্সিন হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন এক অতি লাগতিয়াল পদাৰ্থ । খাদ্যত যদি আয়ডিনৰ পৰিমাণ হ্ৰাস হয় তেনেহ’লে গৰল ৰোগ হব পাৰে ।
15. ডায়েবেটিছ ৰোগৰ কাৰণ কি? ইয়াৰ প্ৰতিকাৰ কি বা আক্ৰান্ত ব্যক্তিক ডাক্তৰে কেনেদৰে চিকিৎসা কৰে ?
অথবাঃ কোন গ্ৰন্থিয়ে ইনচুলিন হৰম’ন নিঃসৰণ কৰে ? ইয়াৰ নিঃসৰণ নহলে বা ইয়াৰ অভাৱত কি কি অসুবিধা হয় ?
উত্তৰঃ অগ্ন্যাশয় গ্ৰন্থিয়ে ইনচুলিন নামৰ এক হৰম’ন নিঃসৰণ কৰে । ইনচুলিন হৰম’ন বিধৰ সঠিক পৰিমাণত নিঃসৰণ নহলে তেজত গ্লুক’জৰ পৰিমাণ অধিক পৰিমাণে বৃদ্ধি হয় । ইয়াৰ বাবেই, দেহৰ যথেষ্ট ক্ষতি হয় আৰু ডায়েবেটিছ ৰোগৰ সৃষ্টি হয় ।
ডায়েবেটিছ ৰোগীক ডাক্তৰে ইনচুলিন বেজী দি ইনচুলিন মাত্ৰা সমতা কৰে আৰু ৰোগবিধ প্ৰতিকাৰৰ বাবে ব্যৱস্থা কৰে ।
16. প্ৰতীপ ধনু কাক বোলে ? ই ক’ত অৱস্থিত ? ই কিহেৰে গঠিত ?
উত্তৰঃ উত্তাপৰ অনুভূতি সম্পৰ্কে চিন্তাভাবনা কৰাতকৈ যিবোৰ স্নায়ু তাপ সংবেদক সেইবোৰ পেশী সঞ্চালন কৰা স্নায়ুৰ লগত সংযোগ হৈ থাকে । সংকেত (উত্তাপ) পোৱাৰ লগে লগে সহাঁৰি জনোৱা কাৰ্যতো অতি সোনকালে এই সংযোজকে সমাধা কৰে । এনেধৰণৰ সংযোজকক প্ৰতীপ ধনু (Reflex Arcs) বোলে ।
বহিঃস্নায়ু আৰু অন্তঃস্নায়ু প্ৰথম যি অংশত লগ লাগি থাকে তাতেই প্ৰতীপ ধনু লগ লাগি থাকে । দেহৰ বিভিন্ন অংশৰ পৰা অহা স্নায়ুবোৰ লগ লাগি স্নায়ুৰঞ্জু গঠন হৈ মগজুলৈ গৈছে আৰু প্ৰতীপ ধনু এই স্নায়ু ৰজ্জুত গঠিত হৈছে ।
17. প্ৰান্তীয় স্নায়ুতন্ত্ৰ কাক বোলে ? ই কিহেৰে গঠিত ? ইয়াৰ কাম কি?
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপনৰ কাৰণে এক প্ৰকাৰ স্নায়ুতন্ত্ৰ গঠিত হৈছে । ইয়াক প্ৰান্তীয় স্নায়ুতন্ত্ৰ (Peripheral Nervous System) বোলে ।
মস্তিস্কৰ পৰা ওলোৱা কৰোটীয় (ক্ৰেনিয়েল) স্নায়ু আৰু স্নায়ুৰজুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ুসমূহক লৈ প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত ।
প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ কাম হ’ল— মস্তিস্কৰ বিভিন্ন অংশৰদ্বাৰা পৰিচালিত দেহৰ বিভিন্ন বাহ্যিক আৰু আভ্যন্তৰীণ কাৰ্যৰ সমন্বয় ৰক্ষা কৰা ।
18. অনৈচ্ছিক কাৰ্য কাক বোলে ? অনৈচ্ছিক কাৰ্যসমূহ কোনে নিয়ন্ত্ৰণ কৰে ? কেইটামান অনৈচ্ছিক কাৰ্যৰ বা প্ৰতীপ ক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ কাম আমি ইচ্ছা কৰিলেও নিয়ন্ত্ৰণ কৰিব নোৱাৰো আৰু স্বতঃফুৰ্তভাৱে সংঘটিত হয় অৰ্থাৎ চিন্তা নকৰাকৈ চালিত হৈ থাকে । সেই কামসমূহক অনৈচ্ছিক কাৰ্য বোলে ।
অনৈচ্ছিক কাৰ্যসমূহ মধ্য মস্তিস্ক আৰু পশ্চাৎ মস্তিস্কই নিয়ন্ত্ৰণ কৰে ।
কেইটামান অনৈচ্ছিক কাৰ্যৰ বা প্ৰতীপ ক্ৰিয়াৰ উদাহৰণ হ’ল— আহাৰ দেখিলে লালটি ওলোৱা, হৃদস্পন্দন, চকুৰমণিৰ আকাৰ সলনি কৰা, চিন্তাৰ অনুভূতি, আদি ।
19. ঐচ্ছিক কাৰ্য কাক বোলে ? ঐচ্ছিক কাৰ্যসমূহ কোনে নিয়ন্ত্ৰণ কৰে ? কেইটামান ঐচ্ছিক কাৰ্যৰ উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ কাম আমি ইচ্ছা কৰি নিয়ন্ত্ৰণ কৰিব পাৰো আৰু স্বতঃফুৰ্তভাৱে সংঘটিত নহয় অৰ্থাৎ চিন্তা কৰি চালিত কৰিব পৰা যায় । সেই কামসমূহক ঐচ্ছিক কাৰ্য বোলে ।
ঐচ্ছিক কাৰ্যসমূহ দেহৰ চেৰিবেলাম নামৰ অংশই নিয়ন্ত্ৰণ কৰে । এই ক্ষেত্ৰত ঐচ্ছিক কাৰ্যৰ যথাৰ্থ নিৰ্ভৰ কৰে শৰীৰৰ ভংগিমা আৰু সমতাৰ ওপৰত ।
কেইটামান ঐচ্ছিক কাৰ্যৰ উদাহৰণ হ’ল— এডাল বাঁহত খোজ কঢ়াৰ কথা, চাইকেল চলোৱাৰ কথা, পেঞ্চিল ডাল ধৰাৰ কথা আদি ।
20. আমি যেতিয়া নিলাজী বা লাজুকী বন (Mimosa) ৰ পাত স্পৰ্শ কৰো তেতিয়া পাতবোৰ জঁই পৰি বা জাপ খাই যায় কিয় ?
অথবাঃ নিলাজী বনে কেনেকৈ উদ্দীপনাৰ বা উত্তেজনাৰ প্ৰতি সহাৰি জনায় ?
অথবাঃ নিলাজী বনৰ পাত এখিলাই কেনেকৈ গতি বা চলন লাভ কৰে ?
উত্তৰঃ আমি স্পৰ্শ কৰাৰ লগে লগে নিলাজী বনে উত্তেজনাৰ প্ৰতি সহাৰি জনায় । এই চলনৰ সৈতে বিকাশ বা বৃদ্ধিৰ সম্পৰ্ক নাথাকে । এই ক্ষেত্ৰত স্পৰ্শ কৰা অংশটো আৰু গতি লাভ কৰা অংশটো পৃথক হয় । উদ্ভিদৰ এই দুই অংশৰ মাজত সংযোগ স্থাপনৰ বাবে এক বৈদ্যুতিক-ৰাসায়নিক মাধ্যম থাকে । এই সংযোগৰ মাধ্যমেদি এক কোষৰ পৰা আন এক কোষলৈ উদ্ভিদে সংযোগ ৰক্ষা কৰে । এই চলন প্ৰক্ৰিয়া, উদ্ভিদে উদ্ভিদ কোষত থকা পানীৰ তাৰতম্যৰ জৰিয়তে সম্পন্ন কৰে । ইয়াৰ ফলত, কোষবিলাক স্ফীত বা শ্লথ হৈ পৰে । সেয়েহে কোষৰ আকাৰৰ সাল-সলনি ঘটে আৰু নিলাজী বা লাজুকী বনৰ পাতবোৰ জঁই পৰি যায় বা জাপ খাই যায় ।
21. কেনেকৈ উদ্ভিদে আকৰ্ষৰ সহায়ত বগাই বা বৃদ্ধি বা চলন বা গতি কৰে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ উদ্ভিদে আকৰ্ষৰ জৰিয়তে অন্য উদ্ভিদ বা জেং বা জেওৰাত বা আন মাধ্যমত ভেঁজা দি বগাই যায় । এই আকৰ্ষবোৰে স্পৰ্শৰ প্ৰতি সহাৰি জনায় বা উত্তেজিত হয় । কোনো এক আধাৰত যেতিয়া এইবোৰে স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকে বৃদ্ধি নহয় । ইয়াৰ পৰিৱৰ্তে, আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় । ফলস্বৰূপে, আকৰ্ষ ডাল আধাৰত পাক খাই আৰু ওপৰলৈ বগাই যায় ।
উদাহৰণস্বৰূপে— মটৰ মাহ আদি গছবোৰে আকৰ্ষৰ সহায়ত আন কোনো উদ্ভিদৰ গাত বা জেওৰা বা জেং বা আন মাধ্যমত ভেঁজা দি বগাই যাব পাৰে ।
22. কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ ক্ষেত্ৰত থকা বিদ্যুৎ প্ৰেৰণাৰ তিনিটা সীমাবদ্ধতা লিখা ।
উত্তৰঃ কোষৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ ক্ষেত্ৰত থকা বিদ্যুৎ প্ৰেৰণাৰ তিনিটা সীমাবদ্ধতা হ’ল—
(ক) বিদ্যুৎ প্ৰেৰণা কেৱল স্নায়ু কলাৰ সৈতে সংপৃক্ত হৈ থকা কোষবোৰলৈহে গতি কৰিব পাৰে, প্ৰাণীৰ সকলোবোৰ কোষলৈ সম্ভৱ নহয় ।
(খ) কোষে অবিৰতভাৱে বিদ্যুৎ সঞ্চাৰণ কৰিব নোৱাৰে ।
(গ) কোষে এক বিদ্যুৎ প্ৰেৰণা প্ৰেৰণ কৰাৰ কিছু সময়ৰ পাছতহে অৰ্থাৎ কিছু সময় জিৰণিৰ পাছতহে এক নতুন বিদ্যুত প্ৰেৰণা প্ৰেৰণ কৰিব পাৰে ।
23. উদ্ভিদৰ কাণ্ড কেনেদৰে বৃদ্ধি হয়?
অথবাঃ উদ্ভিদৰ কোষৰ আকাৰ কেনেকৈ ডাঙৰ আৰু দীঘল হয় ?
উত্তৰঃ উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত অক্সিন নামৰ এক সঞ্জীৱনী পদাৰ্থৰ সংশ্লেষণ হয় । এই সঞ্জীৱনী পদাৰ্থবিধে উদ্ভিদ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে । ইয়াৰ ফলতে, উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি ঘটি থকা অগ্ৰ অংশ পোহৰৰ দিশে গতি কৰে ।
যেতিয়া উদ্ভিদৰ মাত্ৰ একফালৰ পৰাহে পোহৰ উপলব্ধ হয় । তেনে পৰ্যায়ত, অক্সিনৰ পোহৰ নপৰা কাণ্ডৰ অংশলৈ ব্যাপন ঘটে । সাধাৰণতে, পোহৰ নপৰা কাণ্ডৰ অংশত অক্সিনৰ গাঢ়তাই কোষবোৰ দীঘল হোৱাৰ ক্ষেত্ৰত উদ্দীপনা প্ৰেৰণ কৰে । ইয়াৰ বাবে, উদ্ভিদৰ কাণ্ড পোহৰৰ দিশে গতি কৰিবৰ বাবে ভাঁজ লয় ।
24. প্ৰাণীৰ দেহত বিভিন্ন হৰমনবোৰে কেনেদৰে সহায় কৰে ?
অথবাঃ প্ৰাণীৰ দেহত থকা বিভিন্ন হৰমনবোৰৰ নাম লিখা ।
উত্তৰঃ প্ৰাণীৰ দেহত থকা বিভিন্ন হৰম’নবোৰ হ’ল—
(ক) এড্ৰিনেলিন হৰম’নঃ অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ এড্ৰিনেলিন হৰম’নে হৃদযন্ত্ৰৰ দৰে নিৰ্দিষ্ট কাৰ্যকৰীলখ্য অংগ বা নিৰ্দিষ্ট কোষকলাত ক্ৰিয়া কৰে আৰু ইয়াৰ ফলত হৃদযন্ত্ৰৰ ধপ্ ধপনি বৃদ্ধি হয় আৰু পেশীসমূহত অক্সিজেনৰ যোগান বাঢ়ে ।
(খ) থাইৰক্সিন হৰম’নঃ থাইৰক্সিন হৰম’নে শৰীৰৰ কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বীৰ বিপাকীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে যাৰ ফলত দেহৰ বৃদ্ধিৰ সমতা ৰক্ষা হয় ।
(গ) দেহবৰ্ধনকাৰী হৰম’নঃ পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা দেহবৰ্ধনকাৰী হৰম’নে দেহৰ বৰ্ধন আৰি বিকাশত সহায় কৰে ।
(ঘ) টেষ্ট’টেৰন আৰু এষ্ট্ৰ’জেন হৰম’নঃ কৈশোৰ কালত অথবা ১০-১২ বছৰ মান বয়সত ল’ৰাৰ টেষ্ট’টেৰন আৰু ছোৱালীবোৰৰ এষ্ট্ৰ’জেন নামৰ হৰম’ন নিঃসৰণ ঘটে আৰু সেই সময়ছোৱাত দেহৰ কিছুমান আকস্মিক পৰিৱৰ্তন সাধন কৰে ।
(ঙ) ইনচুলিন হৰম’নঃ অগ্ন্যাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা ইনচুলিন হৰম’নে তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে ।
25. ৰাসায়নিক সংযোগ কি? প্ৰাণীয়ে কেনেকৈ ৰাসায়নিক সংযোগ সাধন কৰে? ইয়াৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ লিখা ।
উত্তৰঃ বৈদ্যুৎ প্ৰেৰণাৰ সৃষ্টিৰ নিচিনাকৈ বহুকোষী জীৱবোৰে কোষৰ মাজত যোগাযোগ স্থাপনৰ বাবে কিছুমান যৌগ বা সঞ্জীৱনী পদাৰ্থ বা হৰমনৰ মাধ্যমেৰে সংযোগ সাধন কৰা এক প্ৰক্ৰিয়াই হ’ল— ৰাসায়নিক সংযোগ ।
বহুকোষী জীৱৰ দেহৰ উদ্দীপক কোষটোৱে ৰাসায়নিক যৌগ এৰি দিয়ে আৰু ইয়াৰ চাৰিওফালে ব্যাপন ঘটে । যদি এৰি দিয়া ৰাসায়নিক বাৰ্তাটো কাষত থকা কোষবোৰে বিশেষ অণুৰ জৰিয়তে সংকেতটো চিনাক্ত কৰিব পাৰে, তেতিয়া তথ্যবোৰ চিনি লৈ সঞ্চাৰিত কৰিবলৈ সক্ষম হয় । বহুকোষী জীৱই এই ৰাসায়নিক সংযোগ সাধনৰ বাবে কিছুমান যৌগ বা সঞ্জীৱনী পদাৰ্থ বা হৰমন ব্যৱহাৰ কৰে ।
ইয়াৰ সুবিধাসমূহ হ’ল—
(ক) এই ৰাসায়নিক সংযোগ শৰীৰৰ স্নায়ু কোষ নিৰ্বশেষে সকলোবোৰ কোষলৈ সঞ্চাৰিত হয় ।
(খ) এই ৰাসায়নিক সংযোগ স্থায়ী ।
(গ) এই ৰাসায়নিক সংযোগ সদায় নিয়মীয়াকৈ চলি থাকে ।
ৰাসায়নিক সংযোগ সাধনৰ অসুবিধা হ’ল এই যে এই প্ৰক্ৰিয়া অতি মন্থৰ গতিত সম্পন্ন হয় ।
26. এড্ৰিনেলিন হৰম’নবিধে আমাৰ শৰীৰত কেনেদৰে ক্ৰিয়া কৰে বা সহায় কৰে?
উত্তৰঃ এড্ৰিনেলিন হৰম’নবিধে আমাৰ শৰীৰত কৰা ক্ৰিয়া আৰু সহায়সমূহ হ’ল—
(ক)অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন পোনপটীয়াকৈ তেজত নিঃসৰন কৰে আৰু দেহৰ আন আন অংশলৈ কঢ়িয়াই লৈ যায় ।
(খ) এড্ৰিনেলিন নামৰ হৰম’বিধে হৃদযন্ত্ৰৰ দৰে নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ বা নিৰ্দিষ্ট কোষকলাত ক্ৰিয়া কৰে ।
(গ) এড্ৰিনেলিন নামৰ হৰম’নবিধে হৃদ্যন্ত্ৰৰ ধপ্ ধপনি বঢ়ায় আৰু ইয়াৰ ফলতে পেশীসমূহত অক্সিজেনৰ যোগানৰ পৰিমাণ বৃদ্ধি হয় ।
(ঘ) এই হৰম’নবিধৰ ক্ৰিয়াৰ বাবে, ধমনীবোৰক আগুৰি থকা পেশীসমূহৰ সংকোচন হয় আৰু পাচনতন্ত্ৰৰ লগতে ছালত তেজৰ প্ৰবাহ কমি যায় । ইয়াৰ বাবে, কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় ।
(ঙ) ইয়াৰ প্ৰভাবত, মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলস্বৰূপে শ্বাস-প্ৰস্বাসৰ হাৰ বৃদ্ধি হয় ।
এনেদৰে এড্ৰিনেলিন হৰমনৰ সহায়ত এই সকলোবোৰ সহাৰি একেলগে সংঘটিত হয় আৰু কোনো এক কাৰ্য সম্পাদন হয় ।
27. আমাৰ দেহত স্নায়ু সংবেদন কেনেদৰে প্ৰেৰণ হয়? বুজাই লিখা ।
অথবাঃ কেনেদৰে বৈদ্যুতিক প্ৰেৰণাসমূহ বা আমাৰ বিভিন্ন অনুভূতিসমূহ দেহৰ এটা অংশৰ পৰা আনটো অংশলৈ প্ৰেৰণ কৰে?
উত্তৰঃ সকলোবোৰ বাৰ্তা আৰু উত্তেজনাসমূহ অনুভৱ কৰিবৰ বাবে আমাৰ দেহত সংবেদী স্নায়ুকোষ থাকে যিবোৰ আমাৰ সংগ্ৰাহী অংগ অন্তকৰ্ণ, নাক, জিভা আদিত থাকে ।স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ুপ্ৰবদ্ধৰে গঠিত আৰু এই স্নায়ুপ্ৰবদ্ধবোৰ ডেনড্ৰাইট আৰু এক্সন দুটা ভাগত ভাগ কৰা হৈছে । ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু উদ্দীপনা আৰু বাৰ্তা সংগ্ৰহ কৰে । স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ মাধ্যমেৰে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে । এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ প্ৰেৰণ কৰে ।
বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰাৰ পাছত ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আহে । পাছত, এই বৈদ্যুতিক প্ৰেৰণা এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত থকা আন এক স্নায়ুকোষলৈ প্ৰেৰণ কৰে । এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় । এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয় । এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয় । এনেধৰণৰ ছাইনেপছৰ পৰা স্নায়ুপ্ৰেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্ৰন্থীকোষবোৰলৈও পেৰিত হ’ব পাৰে ।
এনেদৰে স্নায়ুকলাবোৰ স্নায়ুকোষ বা নিউৰনৰ দ্বাৰা গঠিত । এই নিউৰবোৰৰ মাধ্যমেৰে বৈদ্যুতিক প্ৰেৰণাত স্নায়ু অনুভূতি দেহৰ এয়া অংশৰ পৰা অন্য এক অংশলৈ প্ৰেৰণ হয় ।
28. উদ্ভিদৰ বাবে হোৱা কেইবিধমান চলনৰ নাম লিখা ।
অথবাঃ উদ্ভিদৰ চলনৰ বাবে হোৱা চলন সম্পৰ্কে বুজাই লিখা ।
অথবাঃ উদ্ভিদৰ বিভিন্ন চলনবোৰৰ সূত্ৰ লিখি উদাহৰণ দিয়া ।
উত্তৰঃ উদ্ভিদৰ বিভিন্ন চলনবোৰ হ’ল—
(ক) আকৰ্ষকৰ চলনঃ উদ্ভিদে আকৰ্ষৰ জৰিয়তে অন্য উদ্ভিদ বা জেং বা জেওৰাত বা আন মাধ্যমত ভেঁজা দি বগাই যায় । কোনো এক আধাৰত যেতিয়া এইবোৰে স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকে বৃদ্ধি নহয় । ইয়াৰ পৰিৱৰ্তে, আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় । উদাহৰণ- মটৰ মাহ গছৰ বৃদ্ধি ।
(খ) পোহৰানুবেগী (Phototropic) চলনঃ পোহৰানুবেগী চলন দুই প্ৰকাৰৰ । কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয়, ইয়াক ঊৰ্ধমুখী চলন আৰু শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয়, ইয়াক অধোমুখী চলন বোলে । উদাহৰণস্বৰূপে— সূৰ্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি দিয়া সহাৰি এক পোহৰানুবেগী চলন ।
(গ) ভূকেন্দ্ৰাবেগী (Geotropism) চলনঃ কাণ্ডই সদায় ঊৰ্ধমুখী চলন কৰে আৰু শিপাই সদায় অধোমুখী চলন কৰে । এই দুই চলনক পৃথিৱৰ মধ্যাকৰ্ষণিক বলৰ প্ৰতি সহাৰি দিয়ে বুলি গণ্য কৰা হয় । সেয়েহে, এই চলনক ভূকেন্দ্ৰাবেগী (Geotropism) চলন বোলা হয় । ভূকেন্দ্ৰাবেগী চলন হ’ল— কোনো উদ্ভিদৰ চলনৰ ওপৰত মহাকৰ্ষ বা মধ্যাকৰ্ষন বলৰ প্ৰতিক্ৰিয়াৰ কাৰণে হোৱা এক চলন বা গতি । উদাহৰণস্বৰূপে— শিপা বা মূলবোৰে মাটিৰ তললৈ গতি কৰে ।
(ঘ) জলনুবেগী (Hydrotropism) চলনঃ হাইড্ৰ’ শব্দৰ অৰ্থ হ’ল পানী বা জল আৰু ‘ট্ৰপিজম’ শব্দৰ অৰ্থ হ’ল—কোনো জীৱৰ দ্বাৰা স্বেচ্ছাসেৱী দৃষ্টি ভংগী ৷ জলনুবেগী (Hydrotropism) চলন হ’ল— উদ্ভিদৰ বৃদ্ধিৰ এক প্ৰতিক্ৰিয়া য’ত বৃদ্ধিৰ দিশটো এক উদ্দীপনা বা গ্ৰেডিয়েটৰ জলৰ/পানীৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে । অথাৎ জলনুবেগী (Hydrotropism) চলন হ’ল— উদ্ভিদৰ এক চলন যি জলৰ দিশত বা জলৰ বিপৰীত দিশত গতি কৰে । উদাহৰণস্বৰূপে— মূলা, গাজৰ, বিলাহী আদিৰ শিপাত এনেধৰণৰ চলন দেখা যায় ।
(ঙ) ৰাসায়নুবেগী (Chemotropism) চলনঃ কেম’ শব্দৰ অৰ্থ হ’ল— ৰস বা ৰাসায়নিক আৰু ‘ট্ৰপিজম’ শব্দৰ অৰ্থ হ’ল—কোনো জীৱৰ দ্বাৰা স্বেচ্ছাসেৱী দৃষ্টি ভংগী ৷ ৰাসায়নুবেগী (Chemotropism) চলন হ’ল— উদ্ভিদৰ এক চলন বা বৃদ্ধি বা গতি যিটো বাহিৰৰ পৰা কোনো ৰাসায়নিক উদ্দীপনাৰ দ্বাৰা সংঘটিত হয় ৷ উদাহৰণস্বৰূপে— ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি, ফুলক ফললৈ ৰূপান্তৰ, আদি ।
(চ) সঞ্জীৱনী পদাৰ্থৰ বাবে চলনঃ উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱা প্ৰক্ৰিয়াটোত কিছুমান সঞ্জীৱনী পদাৰ্থই সহায় কৰে । ইয়াকে সঞ্জীৱনী পদাৰ্থৰ বাবে চলন বোলা হয় । উদাহৰণস্বৰূপে— উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত অক্সিন (Auxin) নামৰ এক সঞ্জীৱনী পদাৰ্থৰ সংশ্লেষণ হয় আৰু ইয়ে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে ।